বাংলাদেশত নিৰ্মাণ কৰা হ’ব সাম্প্ৰদায়িক কেন্দ্ৰৰ লগতে ঘূৰ্ণীবতাহ আশ্ৰয়স্থল

maran4p8 pm

পশ্চিমবংগত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে বাংলাদেশ ভ্ৰমণত যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ভ্ৰমণৰ দ্বিতীয় দিনা একাধিক কাৰ্যসূচী আছে প্ৰধানমন্ত্ৰীগৰাকীৰ । আজি পুৱাই যশোৰেশ্বৰী কালী মন্দিৰত গৈ পূজা-অৰ্চনা কৰে ।

ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে জনায় যে, বাংলাদেশবাসীৰ বাবে যশোৰেশ্বৰী মন্দিৰৰ কাষত এটা সাম্প্ৰদায়িক কেন্দ্ৰ আৰু এটা ঘূৰ্ণীবতাহ আশ্ৰয়স্থল নিৰ্মাণৰ বাবে সাহায্য প্ৰদান কৰিব ভাৰত চৰকাৰে । লগতে জনায় যে, বিশ্ব কৰ’নামুক্ত হ’বৰ বাবে প্ৰাৰ্থনা জনাইছে তেওঁ ।

বাংলাদেশত সাম্প্ৰদায়িক কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক আৰু এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবে পশ্চিমবংগক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

বাংলাদেশৰ স্বাধীনতাৰ ৫০ বছৰ পূৰ্তি আৰু বংগবন্ধুৰ শতবৰ্ষ উদ্‌যাপনৰ বাবে বাংলাদেশলৈ আহিছে প্ৰধানমন্ত্ৰীগৰাকী । অৱশ্যে, নিৰ্বাচনৰ প্ৰাক ক্ষণত ভ্ৰমণত যোৱাৰ বাবে ‘ৰাজনৈতিক স্বাৰ্থ’ত যোৱা বুলি অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছে ।

Exit mobile version