স্মাৰ্টফোন নোহোৱাকৈও প্ৰেৰণ ‌কৰিব পাৰিব ধন

Money transfer

এতিয়া স্মাৰ্টফোন নোহোৱাকৈও প্ৰেৰণ ‌কৰিব পাৰিব ধন । আপোনাৰ বেংক একাউণ্টৰ স’তে মোবাইলৰ নম্বৰ সংযুক্ত হৈ থাকিলে আপুনিও গ্ৰহণ কৰিব পাৰিব এই সুযোগ । যাক প্ৰেৰণ কৰিব বিচাৰে তেওঁৰো যদি এই সুবিধা থাকে তেন্তেটো কথাই নাই, নাথাকিলেও একো অসুবিধা নাই । এই ব্যৱস্থা মূলতঃ সেইসকলৰ বাবে যিয়ে ভিম, গুগলপে-ৰ দৰে এপ্ ব্যৱহাৰ কৰিব নোৱাৰে ।

জানো আহক কি এই সুবিধাঃ
● এমএমআইডি অৰ্থাৎ মোবাইল মানী আইডেণ্টিফায়াৰ ।
● আপোনাৰ প্ৰতিটো একাউণ্টত একেই মোবাইল নম্বৰ সংযুক্ত থাকিলেও কোনো অসুবিধা নাই ।
● কিন্তু প্ৰতিটো একাউণ্টৰ বাবে আপুনি সাত সংখ্যাৰ পৃথক পৃথক এমএমআইডি লাভ কৰিব ।
● আপুনি এই এমএমআইডি নম্বৰৰ জৰিয়তে আনক টকা প্ৰেৰণ কৰিব পাৰিব বা অন্য কোনোৱে আপোনাক প্ৰেৰণ কৰিব পাৰিব ।
● আপোনাৰ বেংকৰ পৰা বা নেট বেংকিঙৰ পৰা জানিব পাৰিব এমএমআইডি নম্বৰ ।
● যাক টকা প্ৰেৰণ কৰিব বিচাৰিছে তেওঁৰ ১) মোবাইল নম্বৰ আৰু এমএমআইডি বা ২) একাউণ্ট নম্বৰ আৰআইএফচি বা ৩) আধাৰ নম্বৰ জানিলেই আপুনি টকা প্ৰেৰণ কৰিব পাৰিব ।
● এবাৰত পাঁচ হেজাৰ টকা প্ৰেৰণ কৰিব পাৰিব ।
● এবাৰ টকা পঠোৱাৰ পাছত ষ্টপ পেমেণ্টৰ সুযোগ নাথাকিব ।
● ইয়াতো পাছৱৰ্ড উপলব্ধ থাকিব ।
● এমএমআইডি-ৰ আটাইতকৈ ডাঙৰ সুবিধা হ’ল এই পদ্ধতিত টকা দিওঁতে বা গ্ৰহণ কৰোতে নেট ব্যৱহাৰৰ প্ৰয়োজন নাই ।

Exit mobile version