ভৱানীপুৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণজিৎ ডেকাৰ সমৰ্থনত ইউপিপিএলৰ শক্তি প্ৰদৰ্শন

অগপ প্ৰাৰ্থীক ভোটদানৰ বাবে ২৮৭ বিপিএফ, জিএছপি কৰ্মী-সমৰ্থকৰ ইউপিপিএলত যোগদান

WhatsApp Image 2021 03 29 at 4.29.28 PM

অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানৰ ইতিহাসেৰে প্ৰসিদ্ধ ঐতিহাসিক ভৱানীপুৰ বিধানসভা সমষ্টিত কালি অসম গণ পৰিষদৰ মনোনীত তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণজিৎ ডেকাৰ সমৰ্থনত মিত্ৰ দল ইউপিপিএলৰ উদ্যোগত অন্য এক শক্তি প্ৰদৰ্শনেৰে মহাজোঁটক তীব্ৰ প্ৰত্যাহ্বান জনায়।

উল্লেখ্য যে, বিগত ১০টা বছৰে এআইইউডিএফ দলৰ দখলত থকা ঐতিহাসিক ভৱানীপুৰ বিধানসভা সমষ্টিটো এআইইউডিএফ দলৰ পৰা উদ্ধাৰ কৰি এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণজিৎ ডেকাক জয়ী কৰাৰ বাবে মৰণপন যুঁজ দিয়াৰ ঘোষণা কৰে শালবাৰীত অনুষ্ঠিত বিশাল জনসভাত ইউপিপিএলৰ মহিলা কোষৰ সাধাৰণ সম্পাদিকা বিউটি বসুমতাৰীয়ে ।

বিউটি বসুমতাৰীয়ে তেওঁৰ ভাষণত কয় যে, ‘ভৱানীপুৰ বিধানসভা সমষ্টিত এইবাৰৰ নিৰ্বাচনত এআইইউডিএফ-ক বিদায় দি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণজিৎ ডেকাক জয়ী কৰা মানেই সমষ্টিটোৰ অস্তিত্ব ৰক্ষাৰ যুঁজত সফল হোৱা ।’

জনসভাত ভাষণ দি শালবাৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ তথা ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক বিনোদ মুছাহাৰীয়ে দাবী কৰে যে, ভৱানীপুৰ বিধানসভা সমষ্টিক এআইইউডিএফ-ৰ কৱলৰ পৰা উদ্ধাৰৰ বাবে সমষ্টিটোৰ বিজেপি, জিএছপি, ইউপিপিএল, অগপ দলৰ সকলো নেতা, কৰ্মী, সমৰ্থকে ঐক্যবদ্ধ হৈছে । ইউপিপিএলৰ ২৫ হেজাৰ ভোট লাভ কৰাৰ লগতে অন্য সকলো জনগোষ্ঠীৰ ৫৫ ভোটাৰ ৰাইজে ভোটদান কৰিব ভৱানীপুৰ বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণজিৎ ডেকাক। মুঠ ৮০ হেজাৰ ভোট লাভ কৰি ৰণজিৎ ডেকাৰ বিজয় নিশ্চিত ।

মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণজিৎ ডেকাই তেওঁৰ ভাষণত কয় যে, এইবাৰৰ নিৰ্বাচনত অগপ,বিজেপি, জিএছপি, ইউপিপিএল দলে অৰ্থাৎ মিত্ৰজোঁট একত্ৰিত হৈ প্ৰতিদ্বন্দিতা কৰাটো এক সমন্বয়ৰ বাবে গণতান্ত্ৰিক যুঁজ । অসমত মিত্ৰজোঁটৰ চৰকাৰ হ’ব আৰু ঐতিহাসিক ভৱানীপুৰ বিধানসভা সমষ্টিত চৌদিশে সকলো জনগোষ্ঠীৰ ৰাইজৰ উষ্ম সঁহাৰিয়ে প্ৰমাণ কৰে যে এইবাৰৰ বিধানসভা নিৰ্বাচনত ভৱানীপুৰ সমষ্টি মিত্ৰজোঁটে দখল কৰিব ।

ইউপিপিএলৰ উদ্যোগত অনুষ্ঠিত দলৰ যুৱ শাখাৰ শালবাৰী জিলা সমিতিৰ সভাপতি সত্যজিৎ বড়োৱে আত ধৰা জনসভাত বিজেপি নেতা সঞ্জয় কুমাৰ মেধি, নাগেশ কুমাৰ বৈশ্য, ইউপিপিএলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুৰেশ সৰকাৰেও ভাষণ দিয়াৰ লগতে ইউপিপিএলৰ নেতা-নেত্ৰী ক্ৰমে প্ৰদীপ সৰকাৰ, সৌৰভ কুমাৰ দাস, মালতী স্বৰ্গীয়াৰী, ডালিমী খেৰকটাৰী, চিলাৰায় বসুমতাৰী, এবছু নেতা কুমুদ বড়ো,অগপ নেতা মৃণাল কলিতাসহ ইউপিপিএল, বিজেপি, জিএছপি, অগপ, এবছুৰ নেতৃবৃন্দ উপস্থিত থাকে ।

জনসভাত প্ৰাৰ্থী ৰণজিৎ ডেকাক ইউপিপিএল, এবছুকে ধৰি কে’বাটাও সামাজিক সংগঠনৰ শতাধিক ভিন্ন পৰ্যায়ৰ সমিতিয়ে গামোছা, আৰণাই আদিৰে উষ্ম আদৰণি জনায় । উল্লেখ্য যে, কালিৰ জনসভাত ভৱানীপুৰ সমষ্টিৰ ১৮৪ গৰাকী বিপিএফৰ আৰু ১০৩ গৰাকী জিএছপি দলৰ নেতা – কৰ্মীয়ে ইউপিপিএল দলত যোগদান কৰে । মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদানৰ উদ্দেশ্যে ইউপিপিএল দলক শক্তিশালী কৰাৰ বাবেই বিপিএফ আৰু জিএছপি ত্যাগ কৰি ইউপিপিএলত যোগদান কৰা বুলি ঘোষণা কৰে জনসভাত।

ইপিনে কালি সাউদৰভিঠাত বাথৌ আশ্ৰমত বড়ো জনগোষ্ঠীয় জাতীয় সংগঠন নিখিল বাথৌ মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত সংগঠনটোৰ তিনি শতাধিক বিষয়ববীয়া, বাথৌ সেৱকৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত ভৱানীপুৰ বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণজিৎ ডেকাক উষ্ম আদৰণি জনাই বাথৌ মহাসভাৰ তৰফৰ পৰা সমৰ্থন জনোৱা বুলি ঘোষণা কৰে।

সভাত প্ৰাৰ্থী ৰণজিৎ ডেকাৰ লগতে নিখিল বাথৌ মহাসভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বসন্ত স্বৰ্গীয়াৰীয়ে ভাষণ দিয়ে । ইফালে কালি শালবাৰীত বড়োলেণ্ড আন্দোলনৰ স্বেচ্ছাসেৱক বাহিনীৰ তৰফৰ পৰাও মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণজিৎ ডেকাক সমৰ্থন জনাই আদৰণি জনায়। প্ৰাৰ্থী ৰণজিৎ ডেকাই ৰূপহীত মিত্ৰজোঁটৰ এটা নিৰ্বাচনী কাৰ্যালয়ো মুকলি কৰে।

Exit mobile version