শিঙিমাৰীত মহাজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত

btc hagrama

অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অন্ত পৰাৰ লগে লগে দ্বিতীয় আৰু তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ । সকলো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে দিনে নিশাই নিৰ্বাচনী প্ৰচাৰ । এই ক্ষেত্ৰত পিছ পৰি থকা নাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলেও ।

আজি কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ অধীন শিঙিমাৰী গাঁৱত এক নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে বিপিএফ দলে । উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে বিপিএফ দলৰ মনোনীত তথা মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰী, সদৌ অসম মুছলিম পাৰছ’নেল ল বোৰ্ডৰ অধ্যক্ষ মুফতি মকিবুৰ ৰহমান আজাহাৰৰ লগতে নুৰহুচেইন সেখ, কংগ্ৰেছ দলৰ খলিলুৰ ৰহমান নৰেন ৰায় আদিয়ে উপস্থিত থাকে ।

শিঙিমাৰী গাঁৱত অনুষ্ঠিত মহাজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভাতেই ল বোৰ্ডৰ অধ্যক্ষ মুফতি মকিবুৰ ৰহমান আজাহাৰে ভাষণ প্ৰসংগত কয় যে, বিজেপি দলে হিন্দু-মুছলিমৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব ধৰিছে । সেয়ে এইবেলি কংগ্ৰেছ দলৰ মহাজোঁটৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাইছে । লগতে মহাজোঁটৰ প্ৰাৰ্থী তথা বিধায়ক ৰবিৰাম নাৰ্জাৰীয়েও নাঙলৰ ছবিত ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় ।

Exit mobile version