পথ দুৰ্ঘটনাত নিহত পাঞ্জাৱী গায়ক দিলজান

মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ সমবেদনা জ্ঞাপন

diljaan 647x363 1

আজি পুৱা পথ দুৰ্ঘটনাত নিহত হয় জনপ্ৰিয় পাঞ্জাৱী গায়ক দিলজান । গায়কজনৰ মৃত্যুত হতভম্ব হয় মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং । তেওঁ টুইট কৰে, ‘এনেদৰে পথ দুৰ্ঘটনাত যুৱ প্ৰজন্মক হেৰুওৱা অতি দুখজনক । তেওঁৰ পৰিয়ালবৰ্গ, বন্ধু, অনুৰাগীসকললৈ মোৰ সমবেদনা আৰ‌আইপি !’

সূত্ৰ অনুসৰি, অমৃতসৰ-জলন্ধৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অমৃতসৰৰ কাষৰ জান্দিৱালা গুৰু টাউনত অকলশৰে গৈ থকা অৱস্থাত তেওঁ দুৰ্ঘটনাৰ সন্মুখীন হয় । দিলজানৰ গাড়ীখনে পথত ৰখি থকা এখন ট্ৰাকত খুন্দিয়াই । তেওঁক নিকটৱৰ্তী এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।

২০১২ত ৰিয়েলিটী টিভি শ্ব’ ‘সুৰ ক্ষেত্ৰ’ৰ জৰিয়তে খ্যাতি অৰ্জন কৰা দিলজানৰ শীঘ্ৰেই এটি নতুন গীত প্ৰকাশ পাবলগীয়া আছিল । দুৰ্ঘটনা সংঘটিত হোৱাৰ দুদিন পূৰ্বে তেওঁ ইনষ্টাগ্ৰামত প’ষ্ট কৰিছিল, ‘তেৰে ৱাৰ্গে২ গীতটিৰ বাবে উত্ৰাৱল হৈ আছো আৰু শীঘ্ৰে আহি আছে হাঞ্জো, জড়িত হৈ থাকক ।’

Exit mobile version