আধাৰ কাৰ্ডৰ স’তে পান কাৰ্ড সংযুক্ত কৰাৰ অন্তিম দিন

সংযুক্ত নকৰিলে ভৰিব লাগিব জৰিমনা

s8unk5og pan card

৩১ মাৰ্চ ২০২১ অৰ্থাৎ স্থায়ী একাউণ্ট নম্বৰৰ (পান) স’তে আধাৰ কাৰ্ড সংযুক্ত কৰাৰ অন্তিমটো দিন । আজিয়ে দুটি পৰিচয় পত্ৰ সংযুক্ত নকৰিলে বিত্তীয় বিল ২০২১ৰ ভিত্তিত এহেজাৰ টকাৰ জৰিমনা ভৰিব লাগিব । কেন্দ্ৰীয় চৰকাৰে বিগত সপ্তাহত বিত্তীয় বিল ২০২১ পাছ কৰে, এই বিলখনত নতুন শাখা ‘২৩৪এইচ’ অন্তৰ্ভুক্ত কৰা হৈছে । এই শাখা অনুসৰি কোনো ব্যক্তিয়ে পান কাৰ্ডৰ স’তে আধাৰ কাৰ্ড সংযুক্ত নকৰিলে এহেজাৰ টকা জৰিমনা দিব লাগিব । পান কাৰ্ড আধাৰ কাৰ্ডৰ স’তে সংযুক্ত নকৰিলে কাৰ্ডখন নিষ্ক্ৰিয় পৰিব ।

আধাৰ কাৰ্ড হৈছে ১২টা সংখ্যাযুক্ত ভাৰতীয় একক পৰিচয় কৰ্তৃপক্ষ (ইউআইডিএআই)ৰ দ্বাৰা জাৰি কৰা এক পৰিচয় পত্ৰ । পান কাৰ্ড হৈছে ১০টা আলফানিউমেৰিক সংখ্যাযুক্ত আয়কৰ বিভাগ (আইটি)ৰ দ্বাৰা আবণ্টিত ।

আপুনি অতি সহজে অনলাইনযোগে পৰিচয় পত্ৰ দুটি সংযুক্ত কৰিব পাৰিব ।

কেনেকৈ সংযুক্ত কৰিব পঢ়ক সবিশেষঃ
● আয়কৰ ৰিটাৰ্ণ ই-ফিলিং ৱেবছাইটত লগ ইন কৰক – www.incometaxindiaefilling.gov.in, ‘link Aadhaar’ বিকল্পটো ক্লিক কৰক ।
● নিৰ্দিষ্ট স্থানসমূহত সঠিক স্থায়ী একাউণ্ট নম্বৰ, আধাৰ নম্বৰ আৰু সম্পূৰ্ণ নাম (আধাৰ কাৰ্ডত থকা) অন্তৰ্ভুক্ত কৰক ।
● নিৰ্দিষ্ট স্থানত অন্যান্য বিৱৰণ যেনে জন্ম তাৰিখ লিখক ।
● কেপচা ক’ড লিখক ।
● এতিয়া ৱেবপৃষ্ঠাৰ একেবাৰে শেষত থকা ‘লিংক আধাৰ’ বিকল্পটো ক্লিক কৰক ।

Exit mobile version