কোকৰাঝাৰ পশ্চিম সমষ্টিৰ চৌতাৰা বোৱালকামাৰীত শতাধিক লোকৰ বিজেপিত যোগদান

WhatsApp Image 2021 03 31 at 6.05.23 PM

অসম বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰতা বাঢ়িছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজত মাথো কেইটামান দিন । ইতিমধ্যে তুংগত উঠিছে সকলো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ।

২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অধিন চৌতাৰা বোৱালকামাৰীত বিজেপি-ইউপিপিএলৰ এক নিৰ্বাচনী সভা অনুষ্ঠিত হয় । এই প্ৰচাৰ সভাত এক শতাধিক পুৰুষ মহিলাই বিপিএফ, জি এছ পি আদি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ।

উক্ত সভাত কোকৰাঝাৰ জিলা বিজেপিৰ উপসভাপতি শান্তিৰাম বৰ্মন, জিলা সম্পাদক মানস প্ৰতীম ৰায় , বিদ্যাসাগৰ বসুমাতাৰী , ৰাজেন্দ্ৰ বসুমাতাৰী , ফকিৰাগ্ৰাম মণ্ডল সভাপতি মনোজ ৰায় , কচুগাও মণ্ডলৰ সভাপতি সিদ্ধাৰ্থ নাৰ্জাৰী আদিৰ লগতে কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মৰ উপৰিও বিটিচিৰ প্ৰাক্তন ইএম ৰেওৰেওয়া নাৰ্জীহাৰী, আদি উপস্থিত থাকে ।

কোকৰাঝাৰ জিলাৰ বিজেপিৰ উপসভাপতি শান্তিৰাম বৰ্মনে নতুনকৈ যোগদান কৰা সকলক আদৰণি জনায় আৰু দলৰ হৈ কাম কৰি মিত্ৰদলৰ সমৰ্থীত ইউপিপিএলৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মক বিপুল ভোটত জয়ী কৰিবৰ বাবে আহ্বান জনায় ।

Exit mobile version