কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিত মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীৰ হৈ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰB

WhatsApp Image 2021 04 01 at 6.44.56 PM

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়তে আজি অসম বিধানসভাৰ ২৯ নং কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিপিএফ তথা মহাজোঁটৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বদৰুদ্দিন আজমলে ৷

গোসাঁইগাঁও মহকুমাৰ তথা উক্ত সমষ্টিৰ অন্তৰ্গত চিথিলা-বিন্যাচৰা গাঁৱত অনুষ্ঠিত যৌথ সভাত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে ভাষণ প্ৰসংগত কয় যে, দেশৰ সকলো সম্পদ বিক্ৰি কৰি দেশৰ ধন বিদেশত প্ৰেৰণ কৰি কলা ধন আনিবলৈ সক্ষম নোহোৱা সাম্প্ৰদায়িক দল বিজেপিক এইবেলি বিদায় জনোৱা হ’ব ৷ এইবাৰ নিৰ্বাচনৰ পাছত ইউ পি পি এল অসমত আৰু নাথাকিব ৷’

গামোচা অপমান সন্দৰ্ভত আজমলে কয় যে, হিমন্ত বিশ্ব শৰ্মাতকৈ তেওঁ বেছি গামোচাক সন্মান দিয়ে । তেওঁ কোনো চৰ্ত নোহোৱাকৈ মহাজোঁটক সমৰ্থন কৰিছে বুলিও প্ৰকাশ কৰে ।

আজিৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাতেই বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন কাৰ্য্যবাহী পৰিষদ হাগ্ৰামা মহিলাৰীয়েও উপস্থিত থাকি কয় যে, অহা দুই মে’ত বিজেপিৰ শ্ৰাদ্ধ কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাও ঢাকা মিউজিয়ামত থাকিব ।

তেওঁলগতে কয় যে, হিমন্তই মোক জেলৰ ভয় খুৱাই, মোতকৈ হিমন্তৰহে বেছি কেছ আছে । লুইত বাৰজাৰ, সাৰদা আদি গোচৰত হিমন্তহে জড়িত । মোৰ এটা কেছো নাই ।

উক্ত নিৰ্বাচনী প্ৰচাৰ সভাতেই কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীয়ে ভাষণ প্ৰসংগত কয় যে, মই জয়ী হ’লে মহাজোঁটৰ সমৰ্থিত সকলো দলৰ কৰ্মকৰ্তাকে লগত লৈ অনাগত দিনত কাম কৰিম । কে’বা সহস্ৰাধিক লোকৰ উপস্থিতিয়ে প্ৰমাণ কৰে যে, কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিত ৰবিৰাম নাৰ্জাৰীৰ জয় নিশ্চিত বুলি মত প্ৰকাশ কৰে একাংশ দলীয় কৰ্মীয়ে ।

Exit mobile version