চিদলী বিধানসভা সমষ্টিৰ গৰুভাষাত নিৰ্বাচনী হিংসা

Screenshot 20210402 004805

 

প্ৰশাসনৰ অনুমতি অবিহনে অনুষ্ঠিত কৰা নিৰ্বাচনী সভাত বাধা আৰোপ কৰাত ভিডিও ছাৰ্ভিলেঞ্চ দলৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰহাৰ । ভাঙি পেলালে ভিডিও কেমেৰা ।

প্ৰশাসনৰ অনুমতি অবিহনেই আজি গৰুভাষাত বি পি এফৰ প্ৰাৰ্থী চন্দন ব্ৰহ্মৰ হৈ নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছিল বিপিএফ দলে । এই খবৰ লাভ কৰি ভিডিও ছাৰ্ভিলেঞ্চ দল এটাই স্থানীয় আৰক্ষীৰ সৈতে সভা স্থলীত উপস্থিত হৈ সভাৰ অনুমতি পত্ৰ বিচাৰে আৰু ইয়াকে লৈ বিপিএফৰ একাশং নেতা কৰ্মী উত্তেজিত হৈ ভিডিও ছাৰ্ভিলেঞ্চ দলটোৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় । পৰবৰ্তী সময়ত ভিডিও ছাৰ্ভিলেঞ্চ দলৰ বিষয়া মুৰব্বী হিৰন্য বৰুৱাক শাৰীৰিক ভাবে আক্ৰমণ কৰে । ইয়াতে ক্ষান্ত নাথাকি বিপিএফ দলৰ সদস্য সকলে ভিডিওগ্ৰাফাৰৰ হাতৰ পৰা ভিডিও কেমেৰা কাঢ়ি লৈ ভাঙি পেলায় ।

ঘটনাক কেন্দ্ৰ কৰি এলেকাত চেপা উত্তেজনা বিৰাজ কৰিছে ।

আৰক্ষীয়ে ইতিমধ্যে উক্ত ঘটনাৰ সৈতে জড়িত বিপিএফৰ এজন সদস্যক আটক কৰিছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Exit mobile version