তামুলপুৰত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ নিৰ্বাচনী প্ৰচাৰ

তামুলপুৰৰ বিজেপি-ইউপিপিএল মিত্ৰজোঁটৰ নিৰ্বাচনী সভাত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ ।

সভাত কেন্দ্ৰীয় কৃষি মন্ত্ৰী টোমৰে কয়, ‘অসমত বিজেপি মিত্ৰজোঁটে এশ খনতকৈ অধিক আসন লাভ কৰিব । কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট বন্ধন এটা ঠগ বন্ধন । মহাজোঁট বন্ধনে এইবাৰৰ নিৰ্বাচনত অসমৰ জনসাধৰনক ঠগিব নোৱাৰে ৷’

তেওঁ লগতে কয় যে, দেশৰ ৰাজনীতিত আটাইতকৈ মিছলীয়া নেতা হ’ল ৰাহুল গান্ধী ।আজমল এজন সাম্প্ৰদায়ীক চৰিত্ৰৰ ব্যক্তি ৷ সাম্প্ৰদায়িক শক্তিৰ ওচৰত আঠু লোৱা কংগ্ৰেছৰ প্ৰতি অসমৰ জনসাধাৰণৰ যি অলপ শ্ৰদ্ধা আছিল সেইয়াও নোহোৱা হ’ল ।

নিৰ্বাচনী সভাখনতে তামুলপুৰ সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ৰঞ্জা খুংগুৰ বসুমতাৰীয়ে বিজেপিত যোগদান কৰি মিত্ৰজোঁটক শক্তি প্ৰদান কৰে ৷

Exit mobile version