চিৰাঙৰ বাসুগাঁৱৰ ইউপিপিএল দলৰ বিশাল নিৰ্বাচনী সভা

জয়ন্ত বসুমতাৰী চিদলী সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হ'বঃ হিমন্ত

WhatsApp Image 2021 04 02 at 2.40.53 PM 1

চিৰাঙৰ বাসুগাঁও খেল পথাৰত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰা হয় । ৩১ নং চিদলী বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হয় নেদাৰ আহ্বায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

উক্ত প্ৰচাৰ সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি মন্ত্ৰী শৰ্মাই কয় যে, এইবাৰ জয়ন্ত বসুমতাৰী চিদলী সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হ’ব। সভাত মন্ত্ৰীগৰাকীয়ে নাচি-বাগি ভোটাৰৰ মন জয় কৰাৰ চেষ্টা কৰে ।

ইফালে, মন্ত্ৰী শৰ্মাই এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমল, বিপিএফ আৰু কংগ্ৰেছক কঠোৰ সমালোচনা কৰি কয়, ‘হাগ্ৰামাৰ বাথাৰ স’তে কি সম্পর্কৰ সকলো প্ৰমাণ আছে আজি তথ্য সহকাৰে নিৰ্বাচন আয়োগক দাখিল কৰিম । আজমলৰ লগ লাগি হাগ্ৰামাই আমাক বাংলাদেশত পঠোৱাৰ পৰিকল্পনা কৰিছে । ইয়াত চিলাৰায় নাথাকে চুকাফা নাথাকে। আজমল থাকিব ইহঁতক হৰুৱাব লাগিব। অজিত ভূঞাৰ ধৰ্ম কি আছে মোৰ ডাউট হয় কনভাৰ্ট হ’লেই নেকি ?’

Exit mobile version