কৰ’নাৰ ৰোষত আইপিএল

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামৰ আঠজন কৰ্মী কৰ'না আক্ৰান্ত

wankhede

কৰ’নাৰ দ্বিতীয় ঢৌৱে সমগ্ৰ ভাৰতকে জুমুৰি ধৰিছে । দেশৰ দৈনিক সংক্ৰমণৰ অৰ্ধেকৰো অধিক মহাৰাষ্ট্ৰৰ । বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত আক্ৰান্ত হৈছে ৪৭ হেজাৰ ৯১৩জন লোক । মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামৰ আঠজন কৰ্মীও ইতিমধ্যে কৰ’না আক্ৰান্ত । অনুশীলনক লৈ চিন্তিত বিভিন্ন দল । ন এপ্ৰিলৰ পৰা আইপিএল আৰম্ভ হ’ব । প্ৰথম খেল অনুষ্ঠিত হ’ব চেন্নাইত । ইয়াৰ পূৰ্বেই এই ঘটনাই চিন্তিত কৰিছে ভাৰতীয় বোৰ্ডক ।

চেন্নাই ছুপাৰ কিংছ আৰু দিল্লী কেপিটেলছৰ খেল অনুষ্ঠিত হ’বলগীয়া আছে ৱাংখেড়ে ষ্টেডিয়ামত । ১০ এপ্ৰিলত এই খেলখনৰ পৰাই মুম্বাইত আৰম্ভ হ’ব আইপিএল । ২৫ এপ্ৰিল পৰ্যন্ত অব্যাহত থাকিব আইপিএল । খেলপথাৰত দৰ্শক সোমাব দিয়া নহ’ব বুলি পূৰ্বেই জনাইছিল ভাৰতীয় বোৰ্ডে । মহাৰাষ্ট্ৰত বৰ্দ্ধিত কৰ’না সংক্ৰমণৰ বাবে সম্প্ৰতি সুৰক্ষা ব্যৱস্থাক লৈ আশংকাৰ সৃষ্টি হৈছে ।

অধিক সংখ্যক খেলপথাৰৰ কৰ্মকৰ্তাসকলে ৰে’লেৰে যাতায়ত কৰে । ৰে’লৰ পৰাই কৰ’না সংক্ৰমণ হোৱা বুলি সন্দেহ কৰা হৈছে । ইতিমধ্যে অন্যান্য খেলপথাৰৰ কৰ্মকৰ্তাসকলৰ বাবে মুম্বাই ক্ৰিকেট এছ’ছিয়েছন ষ্টেডিয়ামতে থকাৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰা হৈছে । এছ’ছিয়েছনৰ এজন সদস্যই কয়, ‘খেলপথাৰ কৰ্মীসকলৰ বাবে আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছো । ষ্টেডিয়ামত থকা বাসস্থানসমূহতে তেওঁলোকক স্থান দিব পৰা যায় । আইপিএলৰ খেলক লৈ কোনো চিন্তা নাই। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বেই পূৰ্বৰ পৰিস্থিতি স্বাভাৱিক হৈ যাব ।’

Exit mobile version