দিনটোৰ ৰাশিফল

910183 horoscope

মেষঃ কৰ্ম তৎপৰতা থাকিব । কিন্তু শৰীৰ ভালে নাযাব পাৰে । ব্যৱসায়ীসকল কোনো সম্ভাব্য যোগাযোগৰ বাবে চেষ্টা কৰি চাব পাৰে । প্ৰেমত মতবিৰোধ । বিদ্যাত উৎসাহ । শুভ ৰং ৰঙা ।

বৃষঃ উদ্বেগৰ মাজেৰে আপুনি কৰ্ম আৰু যোগাযোগ ৰক্ষা কৰিব পাৰিব । বিদ্যাৰ্থীৰ বাবে শুভাশুভ । কৰ্মসমন্ধীয় কামত কষ্টেৰে প্ৰগতি কৰিব । শুভ ৰং বগা ।

মিথুনঃ কোনো কাৰণত বৃদ্ধিদীপ্ত চুক্তি সম্পাদন কৰি উপকৃত হ’ব । বিদ্যাতো বেয়া নহ’ব । ব্যৱসায় বাণিজ্যত আয় বৃদ্ধিৰ কাৰকতা । শৰীৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি । শুভ ৰং নীলা ।

কৰ্কটঃ আৰ্থিকত বাধা কম পাব । কিন্তু কোনোৱে কৰ্মস্থানত কেইটিমান দিশত চিন্তিত হ’ব পাৰে । বিদ্যাত শুভাশুভ ফল পাব । শৰীৰো মধ্যম । পাৰিবাৰিক শুভ । শুভ ৰং সেউজীয়া ।

সিংহঃ মাজে মাজে গভীৰ চিন্তাই জুমুৰি দি ধৰিব । কৰ্মস্থানত সচ্ছলতা নাথাকিব । শৰীৰ মধ্যম । দাম্পত্যত মজলীয়া প্ৰভাৱ পৰিব । কাকো কক্ষ ব্যৱহাৰ নকৰিব । শুভ ৰং পাতল নীলা ।

কন্যাঃ আৰ্থিক দিশত ধনাত্মক হ’ব পাৰে । কৰ্মক্ষেত্ৰত দক্ষতা বৃদ্ধি পাব পাৰে । ব্যৱসায়ত শুভ ফল পাব । বিদ্যাৰ্থীৰ কিছু বেমাজালি আহিব পাৰে । প্ৰেমত শুভ । দাম্পত্যত সাধাৰণ মতান্তৰ । শুভ ৰং নীলা ।

তুলাঃ আৰ্থিক দিশত প্ৰয়োজনীয় সম্পদাদিৰ বাবে খৰচৰ বাট ওলাব । ব্যৱসায়ীসকলৰ বাবে দিনটো বিশেষ শুভ নহ’ব । শত্ৰুৰ পৰা মিত্ৰ যোগাৰ আশা । বিয়া-বাৰুৰ সংযোগ । শুভ ৰং বগা ।

বৃশ্চিকঃ নিৰাশ কৰ্মচিন্তা, ভ্ৰমাণাদিৰ যোগ থাকিব । কোনো অপৰাধিৰ মনত মত অস্থিৰতা থাকিব । ব্যৱসায়ত প্ৰাপ্য ধন আদায়ৰ সুযোগ পাব । পাৰিবাৰিক শুভ । শুভ ৰং সোণালী ।

ধনুঃ অস্থিৰ চিন্তা বাদ দিয়াটো ভাল । চকুৰ আমনি দেখা যায় । কৰ্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল পাব । দাম্পত্যত সিমান আনন্দ নাথাকিব । বিদ্যাত শুভ । শুভ ৰং হালধীয়া ।

মকৰঃ কৰ্মস্থানত গতানুগতিক পৰিৱেশ বিৰাজ কৰিব । প্ৰাপ্য সুযোগ ব্যৱহাৰ কৰাত সাৱধান থকাটো ভাল । ভ্ৰমণত লাভজনক ফল কম । শুভ ৰং মটিয়া ।

কুম্ভঃ শিল্প কলাত পাৰদৰ্শিতা থাকিব । আৰ্থিক দিশত খৰচৰ পথ মুক্ত থাকিব । অংশীদাৰী ব্যৱসায়ত লাভৰ কবিতা । দূৰ ভ্ৰমণৰ যোগ । শুভ ৰং ক’লা ।

মীনঃ হাতত লোৱা কাৰ্যসূচীৰ সুস্থ সমাধান পাব । সুচিন্তা আৰু আপোনাৰ ভদ্ৰতাৰ বাবে অনুকূলতাৰ প্ৰভাৱ পেলাব । নতুন কোনো আশা পূৰণ হ’ব । শুভ ৰং গুলপীয়া ।

Exit mobile version