বাইপাছ ছাৰ্জাৰীৰ পাছত সুস্থ ৰাষ্ট্ৰপতি কোবিন্দ

Oresident Kovind

সদ্যহতে বাইপাছ ছাৰ্জাৰী সম্পন্ন হৈছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ । দিল্লীৰ এইমছ (অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছাইন্সেছ) হাস্পতালত তেওঁৰ অষ্ট্ৰোপচাৰ কৰা হয় । ৰাষ্ট্ৰপতি ভৱনে জনায় যে, বৰ্তমান বহু পৰিমাণে সুস্থ ৰাষ্ট্ৰপতিজন । ইতিমধ্যে তেওঁক আইচিইউৰ পৰাও স্থানান্তৰিত কৰা হৈছে ।

ৰাষ্ট্ৰপতি কাৰ্যালয়ে টুইট কৰে যে, ‘আজি এইমছৰ আইচিইউৰ পৰা বিশেষ কক্ষলৈ স্থানান্তৰিত কৰা হৈছে ৰাষ্ট্ৰপতি কোবিন্দক । ক্ৰমাগত তেওঁৰ শাৰীৰিক অৱস্থাৰ উন্নতি হৈছে । চিকিৎসকসকলে তেওঁক পৰ্যৱেক্ষণ কৰি আছে আৰু তেওঁক বিশ্ৰাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।’

কিছুদিন পূৰ্বে বুকুৰ বিষ অনুভৱ কৰাত দিল্লীৰ এইমছ চিকিৎসালয়ত ভৰ্তি কৰা হয় ৰাষ্ট্ৰপতিগৰাকীক । ইয়াৰ পাছতেই তেওঁৰ বাইপাছ ছাৰ্জাৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

অষ্ট্ৰোপচাৰৰ পাছত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইট কৰি তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰে ।

Exit mobile version