ভাৰতত দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ

বিগত ২৪ ঘণ্টাত সংক্ৰমিত হোৱা অৰ্ধেক সংখ্যকে আঠখন ৰাজ্যৰ

covid testing kerala

বিগত ২৪ ঘণ্টাত সমগ্ৰ ভাৰতত কৰ’না আক্ৰান্ত হোৱা লোকৰ ভিতৰত ৮১ শতাংশই মহাৰাষ্ট্ৰ, কৰ্ণাটক, চট্টিছগড়, দিল্লী, তামিলনাডু,‌ উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু মধ্যপ্ৰদেশৰ বাসিন্দা । ইতিমধ্যে ভাৰতৰ সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ছয় লাখ ৫৮ হেজাৰ ৯০৯ জন । এদিনতে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ৪৪ হেজাৰ ২১৩ জনলৈ বৃদ্ধি পাইছে ।

সংক্ৰমণৰ তালিকাত প্ৰথম ১০ খন জিলাৰ ভিতৰত আছে পুনে, মুম্বাই, নাগপুৰ, থানে, নাছিক, বাংগালোৰু (চহৰ), ঔৰংগাবাদ, দিল্লী, আহমেদ নগৰ, নন্দেড় । এই জিলাসমূহতে দেশৰ মুঠ আক্ৰান্তৰ ৫০ শতাংশৰ সন্ধান পোৱা গৈছে । বিগত দুমাহৰ ভিতৰত মহাৰাষ্ট্ৰত ক’ভিড আক্ৰান্তৰ সংখ্যা ন গুন বৃদ্ধি পাইছে । পঞ্জাৱটো সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা বিপুল হাৰত বৃদ্ধি পাইছে ।

দেশৰ মুঠ সক্ৰিয় ক’ভিড ৰোগীৰ ভিতৰত ৭৭.৩ শতাংশই পাঁচখন ৰাজ্যৰ বাসিন্দা । এই তালিকাত আছে মহাৰাষ্ট্ৰ, চট্টিছগড়, কৰ্ণাটক, কেৰালা, পঞ্জাৱ । সক্ৰিয় ৰোগীৰ ভিতৰত ৫৯ শতাংশৰো অধিক মহাৰাষ্ট্ৰৰ বাসিন্দা ।

Exit mobile version