‘হট ডগ’ নামটো ক’ৰ পৰা আহিল আৰু ইয়াৰ কুকুৰৰ স’তে কি সম্পৰ্ক জানে নে ?

hot dog franchise

পাউৰুটিৰ ভিতৰত ছছেজ, প্ৰচুৰ পৰিমাণৰ মেয়’নিজ আৰু চিজ ভৰাই প্ৰস্তুত কৰা হয় সুস্বাদু হট ডগ । অৱশ্যে খাদ্য বিধৰ নাম শুনি বহুতৰে মনত প্ৰশ্নৰ উত্থাপন হয় । খাদ্য বিধক কিয় হট ডগ নামকৰণ কৰা হ’ল ? ইয়াত কুকুৰৰ মাংস থাকে নেকি ?

হট ডগৰ ছছেজ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় মুৰ্গী, গৰু বা গাহৰিৰ মাংস । এইটো মূলতঃ জাৰ্মানীৰ খাদ্য । শৰণাৰ্থীসকলৰ স’তে ইউৰোপৰ পৰা আমেৰিকাত প্ৰৱেশ কৰে হট ডগ । এসময়ত ই আমেৰিকাৰ জনপ্ৰিয় পথৰ খাদ্যত পৰিণত হৈছিল । সেই সময়ত মূলতঃ কাৰখানাৰ শ্ৰমিক, দিন মজুৰি কৰা সকলৰ মাজত জনপ্ৰিয় আছিল হট ডগ । পথৰ কাষত সৰু সৰু ঠেলা সমূহত বিক্ৰী কৰা হৈছিল ।

২০ শতকৰ মাজ ভাগত সমগ্ৰ আমেৰিকাতে ইয়াৰ জনপ্ৰিয়তা বাঢ়ি যায় । আমেৰিকাৰ বিভিন্ন স্থানত, স্থানীয় বাসিন্দাসকলৰ স্বাদ অনুসৰি হক ডগ প্ৰস্তুতকৰণৰ প্ৰণালীও পৰিৱৰ্তন হৈ গৈছিল । ২০ শতিকাত জাৰ্মানীত প্ৰচুৰ পৰিমাণে কুকুৰৰ মাংসৰ প্ৰচলন আছিল । সেয়ে বহুতেই ধাৰণা কৰিছিল জাৰ্মানীৰ ছছেজ কুকুৰৰ মাংস দি প্ৰস্তুত কৰা হয় ।

সেয়ে জাৰ্মানীত ছছেজক আন এক নাম দিয়া হৈছিল ‘ডগ’ । ১৮০০ত জাৰ্মানীত ছছেজৰ এই নামৰ প্ৰচলন হয় । অৱশ্যে তেতিয়াও ছছেজ ভৰা পাউৰুটিক হট ডগ বুলি কোৱা হোৱা নাছিল । সেইসময়ত ইয়াৰ নাম আছিল ডাছাণ্ড ছছেজ ।

আমেৰিকাৰ এখন সংবাদপত্ৰৰ কাৰ্টুনিষ্টে ডাছাণ্ড ছছেজক ‘হট ডগ’ বুলি উল্লেখ কৰি এটা কাৰ্টুন আঁকিছিল । সেই কাৰ্টুন ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে, ছছেজ ভৰা পাউৰুটিৰ নামে হৈ পৰে হট ডগ ।

নিউয়ৰ্কৰ প’ল’ গ্ৰাউণ্ডৰ বাহিৰত ঠেলা গাড়ীত ডাছাণ্ড ছছেজ বিক্ৰী কৰিছিল এজন জাৰ্মান ব্যৱসায়ীয়ে । তেওঁ খাদ্য গ্ৰহণ কৰিবলৈ গ্ৰাহকসকলক চিঞৰি চিঞৰি মাতিছিল । সংবাদপত্ৰৰ কাৰ্টুনিষ্ট থমাছ আলয়ছিয়াছ দৰ্গানে সমস্ত বিষয়টো লক্ষ্য কৰি আছিল । সেই সময়ত নিউয়ৰ্কৰ প’ল’ গ্ৰাউণ্ডত বেছবল খেল চলি আছিল । তেওঁ সেই দিনবোৰৰ পৰিস্থিতি এটা কাৰ্টুনৰ মাজেৰে সংবাদপত্ৰত দাঙি ধৰাৰ চেষ্টা কৰিছিল ।

কিন্তু বিক্ৰেতাই কি নামেৰে খাদ্যবিধৰ পৰিচয় দিছিল তেওঁ বুজি পোৱা নাছিল । এসময়ত জাৰ্মানীত যিহেতু ছছেজৰ অন্য নাম ‘ডগ’ আছিল আৰু খাদ্যবিধ গৰমে গৰমে পৰিৱেশন কৰা হৈছিল সেয়ে তেওঁ কাৰ্টুনত খাদ্য বিধৰ নাম ‘হট ডগ’ বুলি উল্লেখ কৰে । তেতিয়াৰ পৰাই এই নামটো জনপ্ৰিয় হৈ পৰে ।

Exit mobile version