কৰ’না ভাইৰাছত আক্ৰান্ত অক্ষয় কুমাৰ

l58520210315145638

বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ ক’ভিড আক্ৰান্ত । আজি পুৱাই এই বিষয়ত টুইট কৰি জনায় অক্ষয়ে । সম্প্ৰতি তেওঁ কুৱাৰেণ্টাইনত আছে । প্ৰয়োজনীয় চিকিৎসাও গ্ৰহণ কৰিছে বুলিও জনায় তেওঁ ।

তেওঁ টুইটত লিখে, সকলোকে অৱগত কৰিব বিচাৰিছো যে, আজি পুৱাই মই ক’ভিড পজিটিভ হৈছো । সকলো ক’ভিড বিধি অনুসৰণ কৰি নিজকে পৃথক কৰি ৰাখিছো । সম্প্ৰতি কুৱাৰেণ্টাইনত আছো । চিকিৎসা চলি আছে ।

তেওঁ লগতে লিখে, ‘যিসকলে মোৰ সংস্পৰ্শত আহিছিল তেওঁলোকে নিজৰ ক’ভিড পৰীক্ষণ কৰোৱা উচিত । নিজৰ স্বাস্থ্যৰ যতন লওক ।’ অতি শীঘ্ৰে কামত যোগ দিব বুলিও জনায় তেওঁ । ‘ৰামসেতু’ চলচ্চিত্ৰৰ শ্বুটিঙৰ বাবে অযুধ্যাত আছিল অক্ষয় ।

Exit mobile version