বিৰাট কোহলি আৰু অনুষ্কা শৰ্মা যে পশুপ্ৰেমী সেয়া সকলোৰে জ্ঞাত । বহুবাৰ তেওঁলোকক পশুক লৈ আবেগ প্ৰবণ হোৱাও পৰিলক্ষিত হৈছে । এইবাৰ পশুৰ বাবে দুখন আশ্ৰয়স্থল নিৰ্মাণ কৰিলে তাৰকা দম্পত্তীহালে ।
আজি বিশ্ব পশুপ্ৰেমী দিৱসৰ দিনাই মুম্বাইৰ পৰা কেই কিলোমিটাৰমান দূৰত্বত এখন আশ্ৰয়স্থল নিৰ্মাণ কৰিলে কোহলি ফাউণ্ডেশ্যনে । এই কাৰ্যত তেওঁৰ স’তে পত্নীসহ কে’বাটাও স্বেচ্ছাসেৱী সংস্থাও জড়িত হৈ থাকে । মুম্বাইৰ মালাড আৰু বৈছাৰ অঞ্চলত দুখন আশ্ৰয়স্থল নিৰ্মাণ কৰা হৈছে ।
To ensure health & support to stray animals, @vkfofficial has now taken its first step towards animal welfare in collaboration with Vivaldis. I want to thank my wife @AnushkaSharma for inspiring me by her passion towards animals & for being a constant advocate for animal rights. https://t.co/OWWL6z33W0
— Virat Kohli (@imVkohli) April 4, 2021
বিৰাটে তেওঁৰ স্বপ্নৰ প্ৰকল্পৰ বিষয়ে কয়, ‘মই আৰু অনুষ্কাই বহুদিনৰ পৰাই এই কাৰ্যত লিপ্ত হৈ আছিলো । বিশেষকৈ অনুষ্কাৰ বাবেই মোৰ পশু প্ৰেম বৃদ্ধি পাইছে । তেওঁৰ স’তে পৰিচয় হোৱাৰ পাছৰ পৰাই পশু প্ৰেম আৰু সুৰক্ষা তথা তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি সৰৱ হৈছো । সেয়ে এই প্ৰকল্পত জড়িত হৈ ভাল লাগিছে ।’