সামৰিক জোণ্টাই নৃশংসতা অব্যাহত ৰখাৰ সময়তে গণতন্ত্ৰকামী প্ৰতিবাদকাৰীসকলে ইষ্টৰ দেওবাৰ আজিৰ দিনটোত সিজোৱা কণীবোৰত ৰঙেৰে আঁকি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰথম ফেব্ৰুৱাৰীত গণতন্ত্ৰকামী নেত্ৰী অঙ্গ ছান ছ্যু কীক গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা ম্যানমাৰত অশান্ত পৰিৱেশৰ সৃষ্টি হয় ।
স্থানীয় পৰ্যৱেক্ষণ দল এছিষ্টেন্স এছ’ছিয়েছন ফৰ প’লিটিকেল প্ৰিজ’নাৰ (এএপিপি)য়ে দিয়া তথ্য অনুসৰি, শনিবাৰ পৰ্যন্ত গণতন্ত্ৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি সেনাৰ গুলীত ৫৫৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ।
ইষ্টৰ দেওবাৰক কেন্দ্ৰ কৰি আজি ম্যানমাৰৰ কিছুসংখ্যক প্ৰতিবাদকাৰীয়ে সিজোৱা কণীবোৰত ৰাজনৈতিক বাৰ্তা অংকন কৰি প্ৰতিবেশীসকলৰ দ্বাৰত আৰু গেটত একোটা বেগত ভৰাই ওলমাই দিয়ে । সম্প্ৰতি কণীত ছ্যু কীৰ প্ৰতিৰূপ, তিনি আঙুলিৰে অভিবাদন, প্ৰতিবাদৰ প্ৰতীক অংকন কৰা ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।
ফেচবুকৰ এটা গোষ্ঠীয়ে প্ৰতিবাদৰ সমৰ্থনত কয় যে, সকলোৱে খ্ৰীষ্টানসকলৰ পৰম্পৰাগত ইষ্টৰ দেওবাৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগে ।