যোৱা এক এপ্ৰিল ২০২১ত জাগীৰোড বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ূষ হাজৰিকাই দুগৰাকী সাংবাদিক সতীৰ্থ ক্ৰমে মায়ঙৰ প্ৰতিদিন টাইমৰ স্থানীয় সাংবাদিক নজৰুল ইছলামৰ লগতে জাগীৰোডৰ প্ৰাগ নিউজৰ স্থানীয় সাংবাদিক তুলসী মান্তাক এটা বাতৰি পৰিৱেশন কৰাক কেন্দ্ৰ কৰি টেলিফোন যোগে বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰে । এই ঘটনাক তীব্ৰ গৰিহণা প্ৰদান অসম ৰাজ্যিক সাংবাদিক সংস্থা পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ ।
লগতে খেৰণি আৰক্ষী থানাৰ জৰিয়তে অসম আৰক্ষী সঞ্চালক প্ৰধানলৈ এখন এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰা হয় ।
দাবী সমূহ:- ১/ ভুক্তভোগী দুই সাংবাদিকে নিৰাপত্তা বিচাৰি তথা দুষ্কৃষ্টিকাৰী আচৰণ লোৱা মন্ত্ৰী, বিজেপিৰ প্ৰাৰ্থী পীয়ূষ হাজৰিকাৰ বিৰুদ্ধে জাগীৰোড আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত অভিযুক্ত মন্ত্ৰী হাজৰিকাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে।
দাবী: ২/ সমগ্ৰ অসমৰ সাংবাদকৰ্মীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে।
দাবী: ৩/ মন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী পীয়ূষ হাজৰিকাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগেও নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে, কিয়নো সাংবাদিকৰ লগতে ভোটাৰক তেনে ব্যৱহাৰ কৰি তেওঁ নিৰ্বাচনী বিধি উলংঘা কৰিছে ।