অসম বিধানসভাৰ কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ অধীন ফকিৰাগ্ৰাম চহৰত বিগত পাঁচ বছৰত কৰা উন্নয়নৰ খতিয়ান দাঙি ধৰি মহাজোঁটৰ প্ৰাৰ্থী তথা বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে এখন গোহাৰী পত্ৰৰে বিশেষ চৰ্চা লাভ কৰিছে । উক্ত গোহাৰীত উল্লেখ কৰিছে বিগত পাঁচ বছৰত সমাপিত ২১ দফাৰ এখন উন্নয়নৰ তালিকা ।
বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ কাৰ্যকালত ফকিৰাগ্ৰাম টাউন কমিটি স্থাপন, ফকিৰাগ্ৰাম ইলেক্ট্ৰিক ষ্টোৰ স্থাপন, ফকিৰাগ্ৰামত গ্ৰীন হাউচ কালচাৰেল কম্পলেক্স, দিন গাঁৱত শ্বহীদ বেদী, ফকিৰাগ্ৰামত ৩০খন বিছনাযুক্ত আদৰ্শ হাস্পতাল নিৰ্মাণ, ফকিৰাগ্ৰাম পুৰণি বজাৰত ৰূপনাথ ব্ৰহ্ম স্প’ৰ্টছ ষ্টেডিয়াম নিৰ্মাণৰ প্ৰস্তুতি সম্পন্ন কৰাৰ লগতে ফকিৰাগ্ৰাম সাপ্তাহিক বজাৰ, হাস্পতাল ষ্টাফ ৰুম আদিকে ধৰি বহুতো ৰাস্তা ঘাটৰ আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰো উন্নয়ন কৰিছে বুলি উল্লেখ কৰা হৈছে গোহাৰীখনত ।
উক্ত গোহাৰী পত্ৰখনৰ জৰিয়তে নাঙলৰ ছবিত ভোট প্ৰদান কৰিবলৈ আহ্বন জনায় ।