■ চলিত মাহত হোণ্ডাই সকলো মডেলতে ৩৮,৮৫১ টকা ৰেহাইৰ ঘোষণা কৰিছে ।
■ এই সুযোগ ৩০ এপ্ৰিল পৰ্যন্ত অব্যাহত থাকিব ।
■ জাপানৰ গাড়ী নিৰ্মাতা সংস্থাটোৱে ৰেহাই প্ৰদান কৰা মডেলসমূহৰ ভিতৰত আছে জাজ, চিটী, ডব্লিউআৰ-ভি আৰু অমেজ ।
■ গাড়ীৰ মডেল অনুযায়ী ৰেহাই মূল্য নিৰ্ধাৰণ কৰা হ’ব ।
■ হোণ্ডা জাজত ৩২,২৪৮ টকা ৰেহাই প্ৰদান কৰা হ’ব । নগদ টকাত প্ৰদান কৰা হ’ব ১৫০০০ টকা ৰেহাই, এফঅ’চি এচেছ’ৰিছত ১৭,২৪৮ টকাৰ ৰেহাই ।
■ সংস্থাটোৱে হোণ্ডা ডব্লিউআৰ-ভি মডেলত ৩২,৫২৭ টকাৰ ৰেহাই প্ৰদান কৰিছে । নগদ টকাত প্ৰদান কৰা হ’ব ১৫০০০ টকা ৰেহাই, এফঅ’চি এচেছ’ৰিছত ১৭,৫২৭ টকাৰ ৰেহাই ।
এপ্ৰিলত হোণ্ডা গাড়ীৰ ৩৪,৮৫১ টকা ৰেহাইৰ ঘোষণা
