ক’ভিড আক্ৰান্ত ভূমি, সকলোকে সতৰ্ক হোৱাৰ বাৰ্তা অভিনেত্ৰীৰ

bhumi pednekar a d 6678633 835x547 m

কৰ’না ভাইৰাছত আক্ৰান্ত জনপ্ৰিয় অভিনেত্ৰী ভূমি পেডনেকাৰ । আজি ইনষ্টাগ্ৰামত নিজৰ স্বাস্থ্যৰ বিষয়ে জনায় অভিনেত্ৰীগৰাকীয়ে । সামান্য কৰ’না উপসৰ্গ পৰিলক্ষিত হৈছে তেওঁৰ শৰীৰত । ইয়াৰ বাহিৰে অন্য কোনো সমস্যা নাই তেওঁৰ । সম্প্ৰতি তেওঁ কুৱাৰেণ্টাইনত আছে ।

ভূমিয়ে ইনষ্টাগ্ৰামত লিখে, ‘সম্প্ৰতি মোৰ সামান্য উপসৰ্গ আছে । মই সুস্থ‌ই আছো আৰু কুৱাৰেণ্টাইনত আছো । চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ পৰামৰ্শ মানি চলিছো ।’

ইয়াৰ পাছত অভিনেত্ৰীগৰাকীয়ে পৰামৰ্শ দিয়ে, ‘কোনোৱে যদি মোৰ সংস্পৰ্শত আহিছে তেন্তে অতি শীঘ্ৰে কৰ’না পৰীক্ষণ কৰাওক ।’

ক’ভিড আক্ৰান্ত হৈ নিজকে সুস্থ ৰখাৰ বিষয়ে তেওঁ লিখে, ‘গৰম ভাপ, ভিটামিন চি, খাদ্য আৰু ভাল মেজাজেৰে নিজকে সুস্থ কৰি ৰাখিছো ।’

লগতে ভূমিয়ে সকলোকে অনুৰোধ জনায়, ‘অনুগ্ৰহ কৰি বৰ্তমানৰ পৰিস্থিতিক অৱহেলা নকৰিব । সকলো সাৱধানতা অৱলম্বন কৰাৰ পাছতো মই কৰ’না আক্ৰান্ত হ’লো । মাস্ক পৰিধান কৰক, নিজৰ হাত ধুই থাকক, সামাজিক দূৰত্ব অটুট ৰাখক আৰু নিজকে বচাই চলক ।’

বিগত বৰ্ষত ‘ভুত-পাৰ্ট ৱানঃ দ্য হণ্টেড শ্বিপ’ ‘ডলি কিট্টি ঔৰ ৱ’হ চমকতে ছিটাৰে’ আৰু ‘দূৰ্গামতি’ চলচ্চিত্ৰত অভিনয় কৰিছিল জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে । অতিমাৰীৰ সময়তে তেওঁ ‘বধাই দ’ চলচ্চিত্ৰৰ শ্বুট সম্পন্ন কৰিছিল ।

Exit mobile version