ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰতৰ মুখ্য ন্যায়াধীশ পদত নিয়োগ কৰিলে নথুলাপতি ভেংকত ৰমনাক । উচ্চতম ন্যায়ালয়ৰ অভিজ্ঞ তথা বৰ্ষিয়ান ন্যায়াধীশ ৰমনা । অভিজ্ঞতাৰ নিৰিখতেই দেশৰ মুখ্য ন্যায়াধীশ পদত তেওঁৰ নাম প্ৰস্তাৱ কৰিছিল বৰ্তমানৰ মুখ্য ন্যায়াধীশ এছএ ব’বডেই ।
আগন্তুক ২৩ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব ব’বডেই । ২৪ এপ্ৰিলত ভাৰতৰ ৪৮তম মুখ্য ন্যায়াধীশ পদৰ দায়িত্বভাৰ গ্ৰহণ কৰিব ৰমনাই ।
বিগত এক দশক ধৰি মুখ্য ন্যায়াধীশ পদত কোনো নাছিল । ইয়াৰ পূৰ্বে ২০১০ৰ মে’ৰ পৰা ২০১২ৰ ছেপ্টেম্বৰ পৰ্যন্ত মুখ্য ন্যায়াধীশ পদত আছিল প্ৰয়াত মুখ্য ন্যায়াধীশ এছএইচ কপাডিয়া । ২০২২ৰ ২৬ আগষ্টত মুখ্য ন্যায়াধীশ ৰমনাই অৱসৰ গ্ৰহণ কৰিব ।
Justice NV Ramana appointed as the next Chief Justice of India. pic.twitter.com/zsP9EG3fPR
— ANI (@ANI) April 6, 2021