ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আজি জনায় যে, তেওঁ ক’ভিড পজিটিভ হৈছে । তেওঁ টুইট কৰে, ‘মই ক’ভিড পজিটিভ হৈছে । চিকিৎসকৰ পৰামৰ্শ মৰ্মে মই সম্প্ৰতি নিজ গৃহতে কুৱাৰেণ্টাইনত আছো । মই সকলোকে অনুৰোধ কৰো যে, ক’ভিডৰ সকলো উপযুক্ত আচৰণ অনুসৰণ কৰক আৰু নিৰাপদে থাকক ।’
বিগত ২৪ ঘণ্টাত ভাৰতত ১.১৫ লাখৰো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত এক লাখ ১৫ হেজাৰ ৭৩৬ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে । ইতিমধ্যে দেশখনত ১,২৮,০১,৭৮৫ জন লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ।