কৰিণাই পৰিধান মাস্কৰ মূল্য ২৫ হেজাৰ

অনুৰাগীসকলক মাস্ক পৰিধান কৰাৰ পৰামৰ্শ অভিনেত্ৰীৰ

Kareena Kapoor Khan

মহাৰাষ্ট্ৰত কৰ’না পৰিস্থিতিৰ ক্ৰমান্বয়ে অৱনতি ঘটিছে । সেই সময়তে তিনি সন্তানৰ মাতৃ হৈছে জনপ্ৰিয় অভিনেত্ৰী কৰিণা কাপুৰ । সেয়ে নিজৰ আৰু সন্তানৰ সুৰক্ষাৰ বাবে মাস্ক পৰিধান অত্যাৱশ্যকীয় বুলি কয় কৰিণাই । লগতে অনুৰাগীসকলকো মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিয়ে অভিনেত্ৰীগৰাকীয়ে ।

ইনষ্টাগ্ৰামত ক’লা মাস্ক পৰিধান কৰা ফটো প’ষ্ট কৰি কৰিণাই লিখে, ‘কোনো প্ৰ’পাগাণ্ডা নহয় । মাস্ক পৰিধান কৰক ।’ কৰিণাই পৰিধান কৰা মাস্কৰ মূল্য শুনিলে আপোনাৰো চকু কপালত উঠিব । ফটোখনত পৰিলক্ষিত হৈছে যে, বেব’ই ‘লুই ভুটন’ ব্ৰেণ্ডৰ মাস্ক পৰিধান কৰিছে । মাস্কৰ ওপৰত LV চিহ্ন স্পষ্ট । লুই ভুটন ব্ৰেণ্ডৰ ৱেবছাইটত নজৰ ফুৰালেই দেখা যায় যে, মাস্কটোৰ মূল্য ৩৫৫ ডলাৰ । ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য ২৫ হেজাৰ টকা ।

অৱশ্যে ৰণবীৰ কাপুৰ, দীপিকা পাডুকনসহ বহু তাৰকাই এই লুই ভুটন ব্ৰেণ্ডৰ মাস্ক পৰিধান কৰা পৰিলক্ষিত হৈছে ।

Exit mobile version