সোণাপুৰৰ লক্ষ্মিবাই নেছনেল ইনষ্টিটিউট অৱ ফিজিকেল এডুকেছনক কণ্টেইমেণ্ট জ’ন ঘোষণা

WhatsApp Image 2021 04 08 at 2.28.32 PM

কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সোণাপুৰৰ লক্ষ্মিবাই নেছনেল ইনষ্টিটিউট অৱ ফিজিকেল এডুকেছন (এল‌এন‌আইপিই)ত ক’ভিড পজিটিভ পোৱা গৈছে । সেয়ে অনুষ্ঠানটোৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকললৈ কৰ’না সংক্ৰমণ নহ’বৰ বাবে এল‌এন‌আইপিই-ৰ চৌহদক ১৪ দিনৰ বাবে কণ্টেইমেণ্ট জ’ন ঘোষণা কৰা হৈছে । সোণাপুৰৰ চক্ৰ বিষয়াই অতি শীঘ্ৰে সেই অঞ্চলটো ছীল কৰিবলৈ নিৰ্দেশ জাৰি কৰে ।

Containment zone Sonapur

আগন্তুক এসপ্তাহলৈ কণ্টেইমেণ্ট জ’নত অনুমোদন নোহোৱাকৈ প্ৰৱেশ বা প্ৰস্থান কৰিবলৈ নিষেধাজ্ঞা জাৰি কৰা হৈছে । অঞ্চলটোৰ ভিতৰত অনুমোদনহীন লোক বা বাহন চলাচল নিষিদ্ধ কৰা হৈছে । এই নিৰ্দেশ ‘অসম ক’ভিড-১৯ ৰেগুলেছনছ, ২০২০’ৰ দ্বাৰা জাৰি কৰা হৈছে । আঠ এপ্ৰিল ২০২০ৰ পৰা ২১ এপ্ৰিল ২০২০ পৰ্যন্ত এই নিৰ্দেশনা কাৰ্যকৰী থাকিব ।

কামৰূপ মহানগৰৰ জিলা উপায়ুক্তই জনায় যে, এই নিৰ্দেশ উলংঘা কৰিলে অসম ক’ভিড-১৯ ৰেগুলেছনছ ২০২০, দুৰ্যোগ পৰিচালনা আইন ২০০৫, মহামাৰী আইন ১৮৯৭ৰ অধীনত দোষী সাব্যস্ত কৰা হ’ব ।

Exit mobile version