কৰ’না বিধি উলংঘা কৰি জৰিমনা ভৰিব লগা হ’ল নৰৱেৰ প্ৰধানমন্ত্ৰীয়ে

6efce343 ab5e 47f7 8cb5 c4c3118107dd

ক’ভিড স্বাস্থ্যবিধি উলংঘা কৰাৰ বাবে নৰৱেৰ প্ৰধানমন্ত্ৰী এৰ্ণা ছ’বাৰ্গে ভৰিবলগীয়া হ’ল মোটা অংকৰ জৰিমনা । আজি নৰৱেৰ আৰক্ষীয়ে জনায় যে, লোক সমাগত হোৱাৰ যি ক’ভিড বিধি আছিল সেয়া যোৱা ফেব্ৰুৱাৰীত ভংগ কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে । তেওঁ জন্মদিন উপলক্ষ্যে এটা অনুষ্ঠানৰ আয়োজন কৰিছিল । সেয়ে তেওঁ জৰিমনা ভৰিবলগীয়া হৈছে । নৰৱেৰ মুদ্ৰাত যি জৰিমনাৰ অংক সেয়া হৈছে ২০ হেজাৰ ক্ৰাউন, ভাৰতীয় মুদ্ৰাত প্ৰায় এক লাখ ৭৫ হেজাৰ ছশ টকা ।

ফেব্ৰুৱাৰীৰ শেষৰফালে নিজৰ ৬০ বছৰীয়া জন্মদিন উপলক্ষে এটা অনুষ্ঠানৰ আয়োজন কৰিছিল প্ৰধানমন্ত্ৰী এৰ্ণাই । চৰকাৰে নিৰ্দেশ দিছিল যে, ১০ জনৰ অধিক লোক সমবেত হ’ব নালাগে । এৰ্ণাৰ অনুষ্ঠানত উপস্থিত আছিল ১৩ জন লোক । মাৰ্চত এই খবৰ ওলাই পৰাৰ পাছতে প্ৰকাশ্যত ক্ষমা বিচাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

চৰকাৰী সূত্ৰ অনুসৰি, কোনো অনুষ্ঠানত সাধাৰণতে ১০ পৰা ১৩ জন লোক গোট খালে ইমান টকাৰ জৰিমনা লোৱা নহয় । সতৰ্ক কৰি ক্ষমা কৰি দিয়া হয় । এই ক্ষেত্ৰত কৰ’না ৰোধ কৰিবৰ বাবে কঠোৰ স্বাস্থ্যবিধি অৱলম্বন কৰাৰ নেতৃত্ব দিছিল নিজে প্ৰধানমন্ত্ৰীগৰাকীয়ে । অথচ তেৱেঁই নিয়ম উলংঘা কৰাটো মানি নলয় আৰক্ষীয়ে । সেয়ে এই সিদ্ধান্ত গ্ৰহণ কৰি আইনৰ বাবে সকলো সমান বুলি প্ৰমাণিত কৰে আৰক্ষীয়ে ।

আৰক্ষীয়ে জনায় যে, অনুষ্ঠানটো আয়োজন কৰাত প্ৰধানমন্ত্ৰী এৰ্ণাৰ স্বামীও জড়িত আছিল । তেওঁৰ পৰা জৰিমনা গ্ৰহণ কৰা হোৱা নাই । অৱশ্যে সতৰ্ক কৰি দিয়া হৈছে যাতে পুনৰ এনে পৰিস্থিতিৰ সৃষ্টি নহয় ।

Exit mobile version