পিছুৱাব নেকি ছলমানৰ নতুন ছবি মুক্তিৰ দিন ?

70305128

দেশজুৰি কৰ’না সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত বলীউডৰ বহু নতুন ছবিৰ মুক্তি ইতিমধ্যে স্থগিত কৰিবলগীয়া হৈছে । এপ্ৰিলত প্ৰেক্ষাগৃহত ‘সূৰ্যবংশী’ মুক্তি পাবলগীয়া আছিল । সম্প্ৰতি ছবিখনৰ মুক্তি স্থগিত ৰখা হৈছে । আগন্তুক ঈদত ছলমান খানৰ প্ৰভু দেৱাৰ দ্বাৰা পৰিচালিত নতুন ছবি ‘ৰাধে: ইয়’ৰ ম’ষ্ট ৱাণ্টেড ভাই’ মুক্তি পাবলগীয়া আছিল । সদ্যহতে কবীৰ বেদিৰ কিতাপৰ প্ৰচ্ছদ উন্মোচন উপলক্ষে কৰা ফেচবুক লাইভত জনপ্ৰিয় অভিনেতা ছলমানে কয় যে, ছবিখনৰ মুক্তি পৰৱৰ্তী বৰ্ষৰ ঈদ পৰ্যন্ত পিছুৱাই যোৱাৰ সম্ভাৱনা আছে ।

জনপ্ৰিয় অভিনেতাগৰাকীয়ে কয়, ‘আমি চলিত বৰ্ষৰ ঈদতে মুক্তি দিবলৈ চেষ্টা কৰিছো । কিন্তু এনেদৰে সংক্ৰমণ বৃদ্ধি পাই থাকিলে পৰৱৰ্তী বৰ্ষৰ ঈদ পৰ্যন্ত পিছুৱাই দিবলগীয়া হ’ব পাৰে । সকলোৱে মাস্ক পৰিধান কৰিলে, দূৰত্ব মানি চলিলে কৰ’না সংক্ৰমণ ৰোধ হ’ব পাৰে । সংক্ৰমণ হ্ৰাস পালে এই বছৰ ঈদতে ছবিখন মুক্তি পাব পাৰে ।’

তেওঁ লগতে কয়, ‘দেশৰ নাগৰিকসকলে আইন ভংগ কৰি থাকিলে ক’ভিড সংক্ৰমণ বৃদ্ধি পাইয়ে থাকিব, ফলত প্ৰেক্ষাগৃহৰ স্বত্বাধিকাৰীসকলৰ লগতে দিন হাজিৰা কৰা লোকসকলো সমস্যাৰ সন্মুখীন হ’ব । আমি পুনৰ পূৰ্বৰ পৰিস্থিতিত উভতি যাম ।’

কৰ’না অতিমাৰীৰ ফলত বহুদিন চলচ্চিত্ৰ গৃহসমূহ বন্ধ হৈ আছিল । অ’টিটিত চলচ্চিত্ৰ মুক্তি দিবলগীয়া হৈছিল । চলচ্চিত্ৰ গৃহ খোলাৰ পাছত জানুৱাৰীত দেশৰ বিভিন্ন ৰাজ্যৰ ফিল্ম এগজিবিটৰসকলে ছলমানক তেওঁলোকৰ প্ৰেক্ষাগৃহত ছবিখন মুক্তি দিবলৈ পত্ৰ প্ৰেৰণ কৰে । ছলমানৰ চলচ্চিত্ৰই প্ৰেক্ষাগৃহত দৰ্শকসকলক টানি আনিব বুলি তেওঁলোক আশাপ্ৰদ আছিল । ছলমানেও চলিত বৰ্ষতে ঈদত ‘ৰাধে’ মুক্তি দিয়াৰ কথা দিছিল ।

ইপিনে, তামিল পৰিচালক শংকৰ আৰু দক্ষিণৰ ছুপাৰষ্টাৰ ৰামচৰণৰ পৰৱৰ্তী চলচ্চিত্ৰ ‘আৰচি-১৫’ত দেখা যাব পাৰে ছলমানক । চলচ্চিত্ৰখনত অভিনেতাগৰাকীক আৰক্ষীৰ ভূমিকা দিয়াৰ পৰিকল্পনা কৰিছে শংকৰে । অৱশ্যে অভিনেতাগৰাকীয়ে এই পৰ্যন্ত চলচ্চিত্ৰৰ বাবে সন্মতি দিয়া নাই ।

Exit mobile version