বিটিচিৰ সৰহসংখ্যক আসন লাভ কৰিব বিপিএফ দলেঃ এমচিএলএ প্ৰকাশ বসুমাতাৰী

WhatsApp Image 2021 04 09 at 2.48.05 PM

অসম বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে হিচাপ-নিকাচ কৰা আৰম্ভ কৰিছে সকলো ৰাজনৈতিক দলে । এইক্ষেত্ৰত মনে-মনে থকা নাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলো । আজি বিপিএফ দলৰ যুৱনেতা তথা বিটিচিৰ দোতমা সমষ্টিৰ এমচিএলএ প্ৰকাশ বসুমাতাৰীয়ে কয় যে, বিটিচিত বিপিএফ তথা মহাজোঁটে ১২খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । ইয়াৰ সৰহসংখ্যক আসন বিপিএফ দলে লাভ কৰিব । ইয়াত কোনো সন্দেহ নাই । কাৰণ বিটিচিত বিজেপি ইউপিপিএল আৰু গন সুৰক্ষা পাৰ্টীৰ মিত্ৰজোঁটে পৰিষদীয় চৰকাৰ গঠন কৰিছে ।

ইউপিপিএল নেতৃত্বাধীন মিত্ৰজোঁটৰ দলে যিধৰণে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত লিপ্ত হৈছে এই দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ পৰা বিটিচিবাসী ৰাইজে পৰিত্ৰান বিচাৰি বিগত বিধানসভা নিৰ্বাচনত বিপিএফ তথা মহাজোঁটৰ প্ৰাৰ্থীক বিপুল ভোট প্ৰদান কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে ।

উক্ত সাক্ষাৎকাৰতে এমচিএলএ বসুমাতাৰীয়ে কয় যে, এইবেলি অসম বিধানসভা নিৰ্বাচনত ৬০ শতাংশ বড়ো ভোট বিপিএফ তথা মহাজোঁটে লাভ কৰিব । সেয়ে এইবেলি বিটিচি অঞ্চলৰ পৰা ইউপিপিএল দলে কোনো আসন লাভ কৰিব নোৱাৰে ।

তেওঁ লগতে কয় যে, বিগত দিনত বিপিএফ দলে বিটিচি অঞ্চলত বড়ো জনগোষ্ঠীৰ লগতে জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে উন্নয়নমূলক কাম কৰি আহিছে । এই ক্ষেত্ৰত কোনো কৃপনালী কৰা নাই বাবে বিপিএফ দলৰ জনসমৰ্থন আছে আৰু ভৱিষ্যতেও থাকিব ।

Exit mobile version