আঠমহীয়া সন্তান গর্ভত লৈ টাইকৱাণ্ডত স্বর্ণজয় মহিলাৰ

Aminat Idrees

কোৱা হয় যে মাতৃসকলে কৰিব নােৱৰা কাম হেনাে পৃথিৱীত নাই। যিকোনাে অসাধ্য সাধন কৰিব পাৰে এগৰাকী মাতৃয়ে। সেই কথাই প্রমাণ কৰিলে নাইজেৰিয়াৰ এগৰাকী এথলীটে।

আঠমাহৰ অন্তঃসত্ত্বা অৱস্থাতাে এই মাতৃয়ে টাইকৱাণ্ড প্রতিযােগিতাত অংশ লৈয়েই ক্ষান্ত নাথাকিল, লগতে জয় কৰিলে সােণৰ পদকো। আশ্চর্য যেন লাগিলেও এই কথা সত্য।

সম্প্রতি এইগৰাকী মহিলাৰ কীর্তিক প্রশংসাৰ বাণীৰে উপচাই দিছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে। এক আন্তর্জাতিক সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি নাইজেৰিয়াত অলপতে আয়ােজিত হৈছিল দেশখনৰ ৰাষ্ট্রীয় ক্রীড়া মহােৎসৱ।

তাতেই মহিলাৰ টাইকৱাণ্ড প্রতিযােগিতাত অৱতীৰ্ণ হৈছিল আমিনাত ইদ্রিছ নামৰ ২৬ বছৰীয়া এথলীটগৰাকী। কিন্তু তেওঁৰ শাৰীৰিক অৱস্থা আন প্রতিযােগীসকলৰ দৰে নাছিল। কাৰণ প্রতিযােগিতাত অংশ লােৱাৰ সময়ত তেওঁ আছিল আঠমাহৰ অন্তঃসত্ত্বা।

তৎসত্ত্বেও একমাত্র নিজৰ মনৰ জোৰতে তেওঁ প্রতিযােগিতাত অৱতীৰ্ণ হয়। আনকি সকলােকে আচৰিত কৰি আমিনাতে স্বর্ণপদকো জয় কৰে। তেওঁ প্রতিযােগিতাত যুঁজ দিয়াৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই প্ৰসংগত এক সাক্ষাৎকাৰত আমিনাতে কয়, ‘এয়া মােৰ বাবে অতিশয় সন্মানৰ।

কিছুদিন অনুশীলন কৰাৰ পাছতেই মই প্রতিযােগিতাত অৱতীৰ্ণ হােৱাৰ ক্ষেত্ৰত মনস্থিৰ কৰাে। সােণৰ পদক জয় কৰি সেয়ে বেছি ভাল লাগিছে। গৰ্ভৱতী হৈও সােণৰ পদক জয় আৰু আৰু সেয়াও টাইকৱাণ্ডৰ দৰে শাৰীৰিক যুদ্ধকলা প্রদর্শন কৰা খেলত, স্বাভাৱিকভাৱেই এয়া অভাৱনীয় বুলি মন্তব্য কৰিছে সকলােৱে।

Exit mobile version