★ চজিনাই মানুহৰ পুষ্টিহীনতা দুৰ কৰি দেহত শক্তি বৃদ্ধি কৰে।
★ বসন্ত কালত চজিনা খালে বেমাৰৰ ভাইৰাছ দূৰ হয়। বসন্ত ৰোগ নহয়।
★ শৰীৰ দুৰ্বল হ’লে চজিনাৰ পাতৰ আঞ্জা বা চজিনা সৰু সৰুকৈ কাটি সৰিয়হ বটি কম পানী দি ৰান্ধি খালে উপকাৰ পোৱা যায়।
★ ডায়েবেটিছ ৰোগীৰ হাত-ভৰি জিনজিনালে, চকুৰ দৃষ্টিশক্তি হ্ৰাস পালে চজিনাৰ আঞ্জা সুফল পোৱা যায়।
★ মানুহৰ ৰক্তচাপ বৃদ্ধি পালে, শৰীৰ দুৰ্বল হ’লে , বৃক্ক বেয়া হ’লে চজিনাৰ তৰকাৰী খালে সুফল পোৱা যায়।
★ হাত-ভৰি ফুলি উঠিলে চজিনাৰ গছৰ বাকলি বান্ধি থ’লে বিষৰ পৰা উপশম হোৱা বুলি কয়।
★ চজিনা পাতৰ গুড়ি এক পুষ্টিকৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা হয়।
★ চজিনাৰ পাত আৰু বাকলিৰ গুড়িয়ে হৃদয় আৰু ৰক্ত সঞ্চালন তন্ত্ৰত ক্ৰিয়া কৰে তথা তেজৰ কলেষ্টেৰল কমায়। যাৰ ফলত উচ্চ ৰক্তচাপ তথা হৃদৰোগ নিয়ন্ত্ৰণত সহায় কৰে।
★ এই গছবিধত যথেষ্ট পৰিমাণে কেলচিয়াম আৰু মেগনেছিয়াম পোৱা যায়। সেয়েহে ই দাঁত আৰু হাড় মজবুত কৰে ।
★ চজিনাৰ পাতৰ গুড়ি স্বাস্থ্যৱান আৰু উজ্জ্বল ছালৰ বাবে ব্যৱহাৰ কৰা হয়।
★ ইয়াৰ পাত মুৰত ঘঁহিলে অতিমাত্ৰা মুৰৰ বিষৰ পৰা আৰাম পোৱা যায়।
★ ইয়াৰ সংক্ৰমণ প্ৰতিৰোধী আৰু প্ৰদাহবিৰোধী ধৰ্মৰ বাবে ইয়াক ঘা বা ক্ষতস্থানত ব্যৱহাৰ কৰিলে সোনকালে ঘা শুকায়।
★ চজিনাৰ পাতৰ পৰা বনোৱা চাহ গেষ্ট্ৰিক আলচাৰ আৰু ডায়েৰীয়া ৰোগত ব্যৱহাৰ কৰা হয়।
★ এই গছৰ পাত ব্ৰ্ংকাইটিছ, জ্বৰ, চকু আৰু কাণৰ সংক্ৰমণ প্ৰতিৰোধত সহায়ক হয়।
★ ইয়াত আইৰন থকা বাবে ৰক্তহীনতাত ভোগা ৰোগীৰ বাবে পৰম গুণকাৰী।
★ ইয়াত ভিটামিন এ থকা বাবে চকুৰ ৰেটিনা আৰু দৃষ্টিশক্তিৰ বাবে উপকাৰী।