মেক্সৱেলৰ স’তে খেলাৰ অভিজ্ঞতা জনালে এবি ডি ভিলিয়াৰ্ছে

1617991638 ab de villiers

২৭ বলত ৪৮ ৰাণ কৰি মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দুই উইকেটত জয়ী হয় ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ । এই জয়ৰ বাবে সতীৰ্থ গ্লেন মেক্সৱেলক ধন্যবাদ জনায় এবি ডি ভিলিয়াৰ্ছে । ২৮ বলত ৩৯ ৰাণ কৰি ৰোহিত শৰ্মাৰ দলক পৰাজয় কৰাৰ ক্ষেত্ৰত বৃহৎ ভূমিকা গ্ৰহণ কৰে মেক্সৱেলে ।

খেলৰ অন্তত ডি ভিলিয়ৰ্ছে কয়, ‘এইটোৱে ক্ৰিকেটৰ মজা । পিচটোত বল ৰখি গৈছিল । সেয়ে ১৬০ ৰাণ কৰা তেওঁলোকৰ বাবে সহজ নাছিল ।’ তেওঁ মেক্সৱেলৰ বেটিং সন্দৰ্ভত কয়, ‘মেক্সৱেল অনবদ্য । দলৰ বাবে তেওঁ কিমান প্ৰয়োজনীয় সেয়া তেওঁ প্ৰথম খেলতেই বুজাই দিলে । মেক্সৱেলৰ দৰে ক্ৰিকেটাৰে সকলো সময়তে জয়ী হ’ব বিচাৰে । সেয়ে এনে ক্ৰিকেটাৰৰ লগত খেলি ভাল লাগে ।’

আইপিএলৰ ইতিহাসত এয়ে প্ৰথম জয়েৰে প্ৰতিযোগিতা আৰম্ভ কৰিলে বিৰাট কোহলিৰ দলে । আগন্তুক ১৪ এপ্ৰিলত হাইদৰাবাদৰ বিৰুদ্ধে দ্বিতীয় খেল খেলিব আৰচিবিয়ে ।

Exit mobile version