জেতুকা পাতৰো আছে ঔষধি গুণ

91W4yuQzRL. SL1500

ব’হাগ বিহুত জেতুকাৰ ব্যৱহাৰ ইতিহাসে ঢুকি নােপােৱা দিনৰে পৰাই হৈ আহিছে। বিশেষকৈ নাচনী গাভৰুসকলে হাত বােলাবলৈ ব্যৱহাৰ কৰি আহিছে জেতুকা। প্রকৃতিৰ পৰা লাভ কৰা জেতুকা পাতে কেৱল যে সৌন্দর্যই বৃদ্ধি কৰে তেনে নহয়, বহুতাে ৰােগ-প্রতিৰােধ আৰু উপসমাে কৰে। পিছে জেতুকাৰ উপকাৰিতা সম্পর্কে বহুতেই জ্ঞাত নহয়। কেনে ধৰণৰ উপকাৰ হয় সেই বিষয়ে উল্লেখ কৰা হ’ল।

★ প্ৰায়ভাগ লােকৰে নখৰ ৰােগ আছে। বিশেষকৈ বেছি সময় পানীত কাম কৰা কৃষক। অনবৰতে বাচন-বৰ্তন আদি ধােৱা, যতন নােলােৱাৰ ফলত নখৰ ৰােগ হয়। নখৰ ৰােগ-প্রতিৰােধ কৰিবলৈ জেতুকা ব্যৱহাৰ কৰিব পাৰি। হাত-ভৰিৰ নখত জেতুকা লগালে বহুতাে ৰােগৰ পৰা হাত সৰাতাে সম্ভৱ। অৱশ্যে লগােৱাৰ সময়তাে সাৱধানতা অৱলম্বন কৰা উচিত।

★পিত্ত বিকৃতিৰ ফলত কেতিয়াবা হাত-ভৰি আদিত জুলা-পােৰাৰ দৰে অনুভৱ হ’ব পাৰে। যদিহে এনেকুৱা হৈছে তেতিয়া হ’লে হাত-ভৰিত জেতুকাৰ পাতৰ ৰস লগালেও সুফল পােৱা যায়। চুলি সৰাৰ সমস্যাত প্ৰায়ভাগ লােকেই আক্রান্ত হয় ।কিছুমানৰ চুলি এনেকৈ সৰে যে তপামূৰা হয়। যদিহে বেছিকৈ চুলি সৰিছে তেতিয়া হ’লে জেতুকাৰ ৰস চুলিত সানিব পাৰে। এনে কৰিলে নিশ্চয় সুফল লাভ কৰিব।

★বিভিন্ন ধৰণৰ চৰ্মৰােগ প্ৰতিৰােধতাে জেতুকা উপকাৰী। অৱশ্যে যিকোনাে চর্মৰােগৰ বাবে নহয়। বসন্ত ৰােগৰ পাছত ছালখনৰ যি ধৰণৰ সমস্যাৰ সৃষ্টি হয় তেতিয়া জেতুকা নলগাব। কাৰণ বসন্ত ৰােগৰ বাবে সৃষ্টি হােৱা চৰ্মৰােগ বা দাগ আদি আন ৰােগতকৈ পৃথক। এই ক্ষেত্ৰত সৌন্দর্য বিশেষজ্ঞৰ পৰামৰ্শ লােৱাটো বাঞ্ছনীয়।

★হাত-ভৰি পানীয়ে খােৱাৰ সমস্যাৰ পৰা হাত সাৰিবলৈ জেতুকা ব্যৱহাৰ কৰিব পাৰে। যিসকল লােকে খেতি পথাৰত বেছি সময় পানীৰ মাজত থাকি কাম কৰে। পাকঘৰ আদিত অনবৰতে পানীয়ে স্পর্শ কৰি থাকিবলগীয়া হয় সেইসকল লােকৰ বাবে জেতুকা খুবেই উপকাৰী। এনে হলে জেতুকাৰ ৰস উলিয়াই লৈ ভালদৰে পানীয়ে খােৱা ঠাইত লগালে সুফল পােৱা যায়। এই ৰস লগােৱাৰ পাছত তৎক্ষণাত পানী স্পর্শ কৰিব নালাগে। ৰস লগােৱাৰ পাছত ভালদৰে ঠাইখিনি শুকাব লাগে।

★যদিহে খহু হৈছে তেতিয়া হলে আক্রান্ত স্থানত জেতুকাৰ ৰস লগাওক। নিশ্চয় সুফল পাব। আজি-কালি বজাৰত বিভিন্ন ধৰণৰ জেতুকা বা মেহেন্দী ওলাইছে। সকলােৱে দাবী কৰে নিজৰ নিজৰ উৎপাদিত মেহেন্দীহে ভাল। ফলত বিজ্ঞাপন আদিত ভােল গৈ সেইবােৰ ব্যৱহাৰ কৰাত বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠে। বিশেষকৈ এলার্জি আদিৰ সৃষ্টি হােৱাৰ আশংকা থাকে। কাৰণ এনে ধৰণৰ পেকেট আদিত যিমানেই ‘নেচাৰেল’ বুলি লিখা নাথাকক কিয় ইয়াত বিভিন্ন ধৰণৰ ৰাসায়নিক মিহলি হৈ থাকে। বজাৰত উপলব্ধ প্ৰায়ভাগ মেহেন্দীৰ পেকেটত কেতিয়াম, ক্রমিয়াম, নিকেল নাইট্রাইট ইথাৰ, নেপথলিন-ডাই আদি থাকে বাবে কিছুমান লােকৰ এলার্জীজনিত সমস্যাই গা কৰি উঠে।

Exit mobile version