তিব্বতত বৃহৎ বান্ধ নিৰ্মাণৰ পৰিকল্পনা চীনৰ, উদ্বেগ ভাৰতৰ

Tsangpo River Himalayas Tibet Autonomous Region of

সীমান্তৰ সমস্যা সমাধান নৌহওঁতেই, দেশত জলবিদ্যুতৰ উৎপাদন তিনি গুণ বৃদ্ধি কৰিবৰ বাবে ভাৰতৰ ব্ৰহ্মপুত্ৰ নদীৰ জলপ্ৰবাহৰ ওপৰত তিব্বতত বৃহৎ বান্ধ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে চীনে । যি পৰিৱেশৰ ফালৰ পৰা ভাৰতৰ বাবে চিন্তনীয় বিষয় হৈ পৰিছে ।

সূত্ৰ অনুসৰি, দিল্লীয়েও ব্ৰহ্মপুত্ৰ নদীৰ জলপ্ৰবাহৰ তলত আন এটা বান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰিছে । দুয়োটা বান্ধে ভূমিকম্পপ্ৰৱণ ব্ৰহ্মপুত্ৰ নদীৰ কাষৰীয়া অঞ্চলত ভূমিকম্প আশংকা অধিক বৃদ্ধি কৰিব বুলি মত প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে । বান্ধ দুটাৰ বাবে বহুলোক আশ্ৰয়হীনো হ’ব ।

বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ উৎপাদন কেন্দ্ৰ ‘থ্ৰী গাৰ্জেছ’ চীনৰ ইয়াংজে নদীৰ ওপৰত অৱস্থিত । জলবিদ্যুৎ উৎপাদনৰ ব্যয় আটাইতকৈ কম । তাপবিদ্যুৎ উৎপাদনৰ দৰে জলবিদ্যুৎ উৎপাদনত বায়ু প্ৰদূষণো নহয় ।

জলবিদ্যুৎ উৎপাদন কৰিবৰ বাবে বেইজিঙে তিব্বতৰ মেডগ কাউণ্টিৰ এটা সুবিশাল অঞ্চলত শিবিৰ নিৰ্মাণ কৰিছে । বেইজিঙৰ লক্ষ্য জলবিদ্যুৎ কেন্দ্ৰৰ পৰা বছৰি ৩০ হেজাৰ কোটি বিদ্যুৎ উৎপাদন কৰা ।

এই বান্ধ নিৰ্মাণত ভাৰতৰ উদ্বেগ বৃদ্ধি হোৱাৰ কাৰণ হৈছে, তিব্বতৰ যি অঞ্চলত বান্ধটো নিৰ্মাণ কৰা হ’ব সেইটো হিমালয় পৰ্বতমালাৰ অন্তৰ্ভুক্ত । সেই অঞ্চলটোৱে ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি স্থল । ভাৰতীয় বিশেষজ্ঞসকলে জনায় যে, চীনৰ প্ৰস্তাৱিত বান্ধ নিৰ্মাণ হ’বলগীয়া অঞ্চল শেষ হোৱাৰ পাছত ব্ৰহ্মপুত্ৰ নদী হিমালয়ৰ পৰা বৈ অহা হ’লেও ভাৰতৰ বাবে চিন্তাৰ বিষয় নাছিল ।

ৰাজনৈতিক বিশেষজ্ঞ ব্ৰহ্ম চেলানিয়ে এখন সৰ্বভাৰতীয় ইংৰাজী দৈনিকত প্ৰকাশিত তেওঁৰ প্ৰৱন্ধত লিখে, ‘এই বান্ধ ব্ৰহ্মপুত্ৰ নদীৰ জলপ্ৰবাহ তলৰ দিশে (ভাৰতৰ দিশে) নমাত প্ৰতিবন্ধক হৈ উঠিব । লাগ’ৱা ভূমিকম্পপ্ৰৱণ অঞ্চলত ভূমিকম্পৰ আশংকা বৃদ্ধি কৰিব । এই বৃহৎ বান্ধ নিৰ্মাণ হ’লে বহু স্থানীয় লোক আশ্ৰয়হীন হ’ব ।’

ব্ৰহ্মপুত্ৰৰ নিম্ন অৱবাহিকাত ভাৰতৰ বান্ধ নিৰ্মাণৰ পৰিকল্পনাৰো সমালোচনা কৰি চেলানিয়ে লিখে, ‘বান্ধ নিৰ্মাণৰ ফলত সমস্যা বৃদ্ধিহে হ’ব নকমে ।’

Exit mobile version