বেংকৰ ফিক্সড্ ডিপজিটৰ টি ডি এছ কর্তনৰ নিয়মবােৰ জানেনে ?

বেংকৰ ফিক্সড্ ডিপজিট আঁচনি হৈছে বিনিয়ােগৰ অন্যতম নিৰ্ভৰযােগ্য মাধ্যম। এই আঁচনি কৰৰ আওতাত পৰে, অর্থাৎ ইয়াৰ পৰা হােৱা উপার্জন কৰযােগ্য। গতিকে লাভৰ পৰিমাণ অন্য আঁচনিৰ তুলনাত কিছু কম ইয়াত। তদুপৰি লাভ নহ’লেও লােকচানৰাে ভয় নাই বাবে এই আঁচনিৰ সুতৰ হাৰ ইকুইটি বা সমাংশতকৈও কম। পিছে সুতৰ হাৰ যিমানেই কম নহওক কিয় বা কৰ যিমানেই ভৰিবলগীয়া নহওক কিয়, বেংকৰ ফিক্সড্ ডিপজিট আঁচনিত ৰিটাৰ্ণ নিশ্চিত। সেয়েহে কম শংকাৰ বিনিয়ােগ হিচাপে আজিও সাধাৰণ ভাৰতীয়ৰ বাবে বিনিয়ােগৰ প্রথম পছন্দ বেংকৰ ফিক্সড় ডিপজিট।

ওপৰত উল্লেখ কৰি অহা হৈছে যে বেংকৰ ফিক্সড্ ডিপজিটত কৰ হিচাপে টিডিএছ কর্তন কৰা হয়। এই টিডিএছ। কর্তন সাধাৰণ উৎস কৰ কৰ্তনৰ স’তে প্রায় একেই যদিও এই ক্ষেত্ৰত কেতবােৰ পাৰ্থক্যও নথকা নহয়। বেংকৰ ফিক্সড্ ডিপজিটৰ টিডিএছ কর্তনৰ নিয়মবােৰ নিম্নোক্ত ধৰণৰ..

(১) বিনিয়ােগকাৰীৰ আয় যদি নির্দিষ্ট সীমাতকৈ কম হয়, তেনে ক্ষেত্রত সুতৰ ওপৰত টিডিএছ কর্তন কৰা নহয়। ৬০ বছৰতকৈ কম বয়সৰ আৰু বার্ষিক ২.৫ লাখ টকাৰ কম আয় কৰা সকলেহে এই সুবিধা পাব পাৰে।

(২) ৬০ৰ উৰ্বৰ পৰা সর্বাধিক ৮০ বছৰ বয়সৰ বয়ােজ্যেষ্ঠসকলৰ ভিতৰত যিসকলৰ বার্ষিক আয় তিনি লাখ টকাৰ ভিতৰত তেওঁলােকেও এই কৰ ৰেহাই পাব পাৰে।

(৩) ৮০ৰ ঊর্ধ্বৰ বয়ােজ্যেষ্ঠসকলৰ ভিতৰত যিসকলৰ বছৰি আয় পাঁচ লাখ টকা পর্যন্ত, তেওঁলােকেও টিডিএছ। ৰেহাই পাব পাৰে। ইয়াৰ বাবে অৱশ্যে দুই ধৰণৰ প্ৰ-পত্র জমা দিব লাগে। ৬০ বছৰতকৈ কম বয়সৰ লােকসকলে প্ৰ-পত্র ১৫ জি আৰু ৬০ৰ ঊর্ধ্বৰসকলে প্ৰ-পত্র ১৫ এইছ জমা দিলে উক্ত সুবিধা লাভ কৰিব পাৰে।

(৪) বিত্তীয় বর্ষ এটাৰ আৰম্ভণিতেই এই প্ৰ-পত্র জমা দিব লাগে। আপুনি যদি চলিত ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে টিডিএছৰ ক্ষেত্ৰত কমুক্তি বিচাৰিছে তেন্তে পলম নকৰি আজিয়েই এই প্ৰ-পত্ৰ বেংকত জমা কৰক।

Exit mobile version