হঠাৎ বৰষুণত তিতিলে কি কৰিব ?

f33b8457d590113e24eaeb1f4c1cef6a

গৰমৰ দিনত ঘৰৰ পৰা ওলাই যােৱাৰ পাছত হঠাতে বৰষুণ দিলে গাটো তিতি যােৱাৰ পাছত যদিহে কিছুমান কথাৰ ওপৰত গুৰুত্ব প্রদান কৰা নাযায়, তেতিয়াহ’লে চর্মৰােগ আদিয়ে গা কৰি উঠিব পাৰে। সেই বাবে— বৰষুণত তিতাৰ পাছত মুখখন ভালদৰে পৰিষ্কাৰ কৰি কাপােৰেৰে মচি ল’ব লাগে নহ’লে ভেঁকুৰ আদিৰ সংক্রমণ হ’ব পাৰে।

★মুখখন পৰিষ্কাৰ কৰিবলৈ প্ৰশাধনী সামগ্ৰীৰ পৰিৱর্তে পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিব পাৰে। দিনটোৰ ভিতৰত চাৰি-পাঁচবাৰমান মুখখন ভালদৰে ধুলে নােমৰ গুৰিত ধূলি-বালি আদি জমা হৈ চর্মছিদ্র বন্ধ কৰিব নােৱাৰে।

★ তৈলাক্ত ছালত সামান্য গােলাপজলত অলপ গ্লিচাৰিণ মিহলাই মুখ ধুলেও উপকাৰ পােৱা যায়।

★বহুতৰে মনত ভ্রান্ত ধাৰণা আছে যে কেৱল ৰ’দতহে ছানস্ক্রিণ ব্যৱহাৰ কৰিব লাগে। ৰ’দ নােলালেও যদি ব্যৱহাৰ কৰি বাহিৰলৈ ওলায় তেতিয়া হলে ছালখন সুৰক্ষিত হৈ থাকে।

★ ছালখন গৰমৰ দিনত সুস্থ কৰি ৰাখিবলৈ প্ৰচুৰ পৰিমাণে পানী খাওক। অতিৰিক্ত চর্বি নিয়ন্ত্রণ কৰিবলৈ কি কি কৰিব ?

★ মেদবহুলতাৰ পৰা ৰক্ষা পাবলৈ বা শৰীৰত অতিৰিক্ত চর্বি জমা নহ’বলৈ ৰেড মিট আদি নােখােৱাই মংগলজনক।

★ সুষম আহাৰৰ দ্বাৰা অতিৰিক্ত চর্বি নিয়ন্ত্রণ কৰাটো সম্ভৱ।

★আমিষ নে নিৰামিষ আহাৰ গ্ৰহণ কৰিছে সেইটোতকৈ দৈনন্দিন খাদ্য তালিকাত শৰীৰৰ বাবে প্রয়ােজনীয় প্র’টিন, কার্বহাইড্রেট, চর্বি আদি অন্তর্ভুক্ত কৰাতহে গুৰুত্ব প্রদান কৰা উচিত।

★ সদায় নির্দিষ্ট সময়ত খাদ্য গ্রহণ কৰা উচিত। অসময়ত সদায় খাদ্য খালেও চর্বি জমা বা মেদবহুলতাই গা কৰি উঠে।

★ নিতৌ নির্দিষ্ট পৰিমাণৰ পানী সেৱন কৰিব লাগে। একেলগে বেছিকৈ পানী খােৱাৰ পৰিৱর্তে কম কমকৈ সঘনাই খালেহে বেছি উপকাৰ পােৱা যায়।

★ ফাষ্ট ফুড আদিৰ পৰা যিমান সম্ভৱ সিমানেই আঁতৰি থাকিলে শৰীৰত। অতিৰিক্ত চর্বি জমা হােৱাৰ আশংকা কম। দিনটোৰ ভিতৰত নির্দিষ্ট পৰিমাণৰহে মিঠাই খাব লাগে।

★ একেলগে বেছিকৈ আহাৰ খােৱাৰ পৰিৱর্তে কম কমকৈ সঘনাই খােৱাৰ অভ্যাস গঢ়ি তােলা উচিত।

Exit mobile version