হালধিৰো আছে বিভিন্ন গুণ

turmeric root and powder

ভাৰতীয় খাদ্য সত্তাৰ প্রস্তুত কৰােতে যিবােৰ উপাদান ব্যৱহাৰ কৰা হয়। সেইবােৰৰ ভিতৰত অন্যতম হ’ল হালধি। হালধি ব্যৱহাৰৰ আঁৰত আছে বহুতাে গুণ। ব’হাগ বিহুত মাহ, হালধি, আমৰ কলি আদিৰে যিটো মিশ্রণ প্রস্তুত কৰা হয় সেয়া চর্মৰােগ প্ৰতিৰােধৰ লগতে ছালখন মসৃণ কৰি ৰাখে। হালধিৰ পৰা লাভ কৰা উপকাৰিতা সম্পর্কে উল্লেখ কৰা হ’ল।

★ হালধিত থকা কিছুমান উপাদানে টিউমাৰ প্ৰতিৰােধ কৰে। সেইবাবে ইয়াক নিয়মীয়াকৈ ব্যৱহাৰ কৰিব লাগে।

★ হালধিত কর্কটৰােগ প্ৰতিৰােধ কৰিব পৰা উপাদান থাকে। ইয়াত থকা উপাদানে কর্কটৰােগ বৃদ্ধিত বাধা দিয়াৰ উপৰি কৰ্কটৰ কোষ ধ্বংস কৰাত ভূমিকা গ্ৰহণ কৰিব পাৰে। টার্মেটিক আৰু ককুমিনে কৰ্কট ৰােগক বাধা দিয়ে।

★ শক্তিশালী এন্টি অক্সিডেন্ট হিচাপে আখ্যা দিয়া হয় হালধিক। শৰীৰত ফ্রী ৰেডিকেলসমূহ ধ্বংসত সহায় কৰে।সাধাৰণতে ফ্ৰীৰেডিকেলসমূহ শৰীৰৰ বিভিন্ন কোষ ধ্বংস কৰে বাবে হালধিয়ে এনে ধ্বংস প্ৰতিৰােধ কৰে। এইবােৰ ধ্বংস হােৱাৰ লগে লগে হৃদৰােগে গা কৰি উঠিব পাৰে। হালধিত থকা কাৰকুমিনে হৃদৰােগ প্ৰতিৰােধ কৰে।

★ ছালখন মসৃণ কৰি ৰখাত সহায় কৰে। আনকি ছালৰ চৌৰিছিছ, একজিমা আদিৰ বিৰুদ্ধে যুঁজ দিব পাৰে।

★ হালধি যেতিয়া তেল মিশ্রত আজ্ঞাত দিয়া হয় তেতিয়া ইয়াৰ পৰা লাভ কৰা শক্তি পৰৱৰ্তী সময়ত শৰীৰে গ্ৰহণ কৰিব পাৰে।

★ মস্তিস্কৰ বাবেও ইয়াৰ পৰা পুষ্টি লাভ কৰে।

Exit mobile version