অ’টিটি প্লেটফৰ্মত ডাঙৰ তাৰকাসকলৰ প্ৰৱেশত ক্ষোভিত নৱাজুদ্দিন

65503655

কৰ’না অতিমাৰীৰ বহু পূৰ্বেই অ’টিটি প্লেটফৰ্মত অভিষেক হৈছিল জনপ্ৰিয় অভিনেতা নৱাজুদ্দিন ছিদ্দিকিৰ । ইতিমধ্যে তেওঁ এই মাধ্যমত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

২০১৮ত নেটফ্লিক্সৰ ‘ছেক্ৰেড গেমছ’ত গণেশ গাইটুণ্ডেৰ ভূমিকাত অভিনয় কৰি তেওঁ ডাঙৰ পৰ্দাৰ অভিনেতাসকলক নতুন পথ প্ৰদৰ্শন কৰে । শেহতীয়া এক সাক্ষাৎকাৰত অভিনেতাজনে বলীউডৰ ডাঙৰ তাৰকাসকলে অ’টিটি প্লেটফৰ্মত প্ৰৱেশ কৰাৰ বিষয়ত আপত্তি দৰ্শাই ।

নৱাজুদ্দিনে কয়, বাধ্য হৈয়ে তাৰকাসকলে অ’টিটি প্লেটফৰ্মত কাম কৰিছে । কাৰণ, অতিমাৰীৰ ফলত বহু চলচ্চিত্ৰ‌ই ডাঙৰ পৰ্দাত মুক্তি লাভ কৰা নাই । আৰম্ভণিতে তাৰকাসকলে নিৰ্দিষ্ট কোনো কাৰণত অ’টিটিত অভিনয় কৰিছিল ।

কিন্তু এতিয়া প্ৰায় সকলোৱে অ’টিটিত কাম কৰিবলৈ লোৱাক অভিনেতাজনে সহজভাৱে ল’ব পৰা নাই । তেওঁ প্ৰশ্ন উত্থাপন কৰে, ‘কিয় তেওঁলোকে পূৰ্বেই এই মাধ্যমত কাম কৰাৰ কথা পৰিকল্পনা কৰা নাছিল ?’

তাৰকাসকলৰ অভিনয়ক লৈও কটাক্ষ কৰে নৱাজুদ্দিনে । তেওঁ নৱাগতসকলক ডাঙৰ তাৰকাসকলৰ অভিনয় অনুকৰণ নকৰিবলৈ পৰামৰ্শ দিয়ে ।

তেওঁ কয় যে, বলীউডৰ তথাকথিত তাৰকাসকলে অন্তৰৰ পৰা অভিনয় নকৰে । তেওঁলোকৰ দৰে অভিনয় কৰিলে যে অ’টিটি দৰ্শকসকলে নৱাগতসকলক গ্ৰহণ নকৰিব সেই কথাও সঁকীয়াই দিয়ে নৱাজে ।

Exit mobile version