মহাৰাষ্ট্ৰত কৰ’না ৰোধ কৰিবলৈ বুধবাৰে নিশাৰ পৰা এক মে’ পৰ্যন্ত জনতা কাৰ্ফিউ ঘোষণা উদ্ধৱৰ

freepressjournal 2021 04 5a473415 1c99 4f83 9abc d736570c4f30 cm

তলাবন্ধৰ পৰিৱৰ্তে কঠোৰ ‘জনতা কাৰ্ফিউ’ জাৰি কৰা হৈছে মহাৰাষ্ট্ৰত । কালি এই সিদ্ধান্তৰ বিষয়ে প্ৰশাসনক অৱগত কৰে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই । ১৪ এপ্ৰিলৰ নিশা আঠটাৰ পৰা এক মে’ পুৱা সাতটা পৰ্যন্ত এই কাৰ্ফিউ অব্যাহত থাকিব । কালি নিশাই মুখ্যমন্ত্ৰী ঠাকৰেই এক ভিডিঅ’ বাৰ্তাত জনায়, মহাৰাষ্ট্ৰ চৰকাৰে স্বাস্থ্য পৰিকাঠামো উন্নতিত কাম কৰি আছে । কিন্তু কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত স্বাস্থ্য পৰিসেৱাৰ ওপৰত প্ৰবল প্ৰভাৱ পৰিছে । পৰিস্থিতি নিয়ন্ত্ৰণত আনিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

ভিডিঅ’ বাৰ্তাত তেওঁ কয়, ‘এতিয়া ৰাজনীতি কৰাৰ সময় নহয় । অক্সিজেনৰ চাহিদা বৃদ্ধি পাইছে, চিকিৎসালয়ত বিছনাৰ সংখ্যা হ্ৰাস পাইছে, দৰৱৰ চাহিদাও বৃদ্ধি পাইছে । সেয়ে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।’

সমগ্ৰ মহাৰাষ্ট্ৰতে জনসমাৱেশ ৰোধ কৰিবলৈ জনতা কাৰ্ফিউ জাৰি কৰা হৈছে । বিশেষ কাৰণ নোহোৱাকৈ বাহিৰত ওলোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে । সকলো চৰকাৰী আৰু বেচৰকাৰী পৰিসেৱা, প্ৰতিষ্ঠান বন্ধ ৰাখিব লাগিব । অৱশ্যে জৰুৰী পৰিসেৱাসমূহ অব্যাহত থাকিব । চিকিৎসালয়, স্বাস্থ্যকেন্দ্ৰ, স্বাস্থ্য বীমা কাৰ্যালয়, দৰৱৰ দোকান, দৰৱ কাৰ্যালয় খোলা থাকিব । লগতে, ছেনিটাইজাৰ, মাস্ক, প্ৰতিষেধক সৰবৰাহ আৰু প্ৰদান কাৰ্য অব্যাহত থাকিব ।

বিমান, টেক্সি, অটো, বাছ চলিব । শ্বপিং মল, চলচ্চিত্ৰ গৃহ বন্ধ থাকিব । ৰেস্তোৰাঁৰ পৰা খাদ্য ক্ৰয় কৰিব পাৰিব । কিছু সংখ্যক লোকেৰে ৰাজনৈতিক সভা, বিবাহ অনুষ্ঠান, শ্ৰাদ্ধ কৰিব পাৰিব । ইতিমধ্যে মহাৰাষ্ট্ৰত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত কৰা হৈছে ।

Exit mobile version