ফকিৰাগ্ৰাম ৰাভাপাৰাত চড়ক পূজাৰ সফল সামৰণি

b 1618425310

ৰাজ্যখনৰ চৌদিশে বসন্তক আদৰাৰ বাবে ব্যাপক আয়োজন অব্যাহত থকাৰ সময়তে জিলাখনৰ চিথিলা, ময়নাগুৰী , ফকিৰাগ্ৰাম ৰাভাপাৰা আদি অঞ্চলত চড়ক পূজায় এক সুকীয়া স্থান দখল কৰিছে ৷

শিৱভক্তসকলে মাংগলিক বিধিৰে লোৰে নিৰ্মিত শলা শৰীৰৰ বিভিন্ন অংশত বিদ্ধ হোৱা পৰ্ব্বই বিশেষ তাৎপৰ্য বহন কৰি আহিছে ৷

জিভা, পিঠি, ডিঙিকে ধৰি শৰীৰৰ বিভিন্ন অংশত লোৰ শলাসমুহ অংগবিদ্ধ কৰি ভক্তিৰ পৰিচয় দিয়া স্বতঃস্ফূৰ্তভাবেই ভক্তপ্ৰান ৰাইজে আকৰ্ষিত হোৱা কাৰ্য্যই বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমণ ঘটে পূজা স্থলি সমুহত ৷

আজিৰ মূল পূজা পৰ্ব্ব’ৰ বাবে চলিত ১৫ দিনৰ আগৰ পৰাই কঠোৰ ব্ৰত পালন কৰি আহিছে শিৱভক্ত সকলে ৷ এই চড়ক পূজাৰ সফল সামৰণিৰ বাবে ৰাভাপাৰাত অনুষ্ঠিত চড়ক পূজাত আয়োজক সমিতিৰ ফালৰ পৰা আৰক্ষী, সাংবাদিক, সমাজ সেৱক সকলোক ফুলাম গামোচাৰে সম্বৰ্ধনাও জ্ঞাপন কৰে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় সাহা , স্থানীয় সমাজ সেৱক আনোৱাৰ হুচেইন , লগতে সাংবাদিক সকল।

আজিৰ অনুষ্ঠানতে আয়োজক সমিতিৰ সভাপতি পুৰ্ণ চন্দ্ৰ সৰকাৰ আৰু সম্পাদক ৰাকেশ পাণ্ডে অনুষ্ঠান টোৰ আত ধৰে । অনুষ্ঠানটো শান্তিপূৰ্ন ভাবে সফল সমাপ্তি হোৱাত উদ্যোক্তাসকলে সন্তুষ্টি প্ৰকাশ কৰি ৰাইজলৈও ধন্যবাদ জনাইছে ।

Exit mobile version