কেমেৰা আৰম্ভ হ‌ওঁতেই জুম বৈঠকত ধৰা পৰিল কানাডাৰ বিবস্ত্ৰ সাংসদ

NAKKED

জুম কলত গুৰুত্বপূৰ্ণ বৈঠকৰ সময়ত অত্যন্ত অস্বস্তিৰ সন্মুখীন হ’ল এজন কানাডিয়ান সাংসদ । তেওঁৰ লেপটপৰ কেমেৰাটো দুৰ্ঘটনাক্ৰমে অন হৈ গৈছিল ।

কেনেবাকৈ তেওঁ হাতত লৈ থকা ম’বাইলটো লৈ নিজৰ সন্মানটো বচালে। উপস্থিত কিছুমান সদস্যই মুহূৰ্তটোৰ এটা স্ক্ৰীণশ্বট লয় আৰু সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়ে । পাছত তেওঁ টুইট কৰি এনে দায়িত্বহীন কাৰ্য্যৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰে আৰু ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেইটোও জনায় ।

কানাডাৰ সংসদৰ সদস্যজনৰ নাম উইলিয়াম আমোচ । যোৱা বুধবাৰে হাউচ অফ কমন্সৰ সকলো সদস্যৰ স’তে জুম বৈঠক হৈছিল। সভাখনত সাংসদজনো উপস্থিত আছিল। সভাৰ সময়ত তেওঁৰ লেপটপ কেমেৰাটো কিবা কাৰণত অন হৈছিল। তেতিয়া তেওঁ সম্পূৰ্ণ উলংগ আছিল। তেওঁ সেই অৱস্থাত কেমেৰাত ধৰা পৰিছিল।

https://twitter.com/TheRealKeean/status/1382468200042954754?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1382468200042954754%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fworld%2Fa-canadian-mp-accidentally-appeared-naked-on-zoom-call-dgtl%2Fcid%2F1276203

শ্বেয়াৰ কৰা স্ক্ৰীণশ্বটটোত তেওঁক এখন টেবুলৰ সন্মুখত থিয় হৈ থকা দেখা যায় । তেওঁ হাতত মোবাইল ফোনটো লৈ বচাবলৈ চেষ্টা কৰি আছে। পাছত, এটা টুইটত উইলিয়ামে লিখিছিল, ‘মই আজি দুৰ্ঘটনাক্ৰমে কৰা ভুলৰ বাবে বৰ লাজ পাইছো। জগিঙৰ পৰা উভতি অহাৰ পাছত, কেমেৰা অন হোৱাৰ সময়ত মই কাপোৰ সলনি কৰি আছিলো। ইয়াৰ বাবে মই মোৰ সকলো সহকৰ্মীৰ ওচৰত ক্ষমা বিচাৰো । এইটো পুনৰ কেতিয়াও নহয় ।’

Exit mobile version