দিনটোৰ ৰাশিফল

1599453784 horoscope

মেষঃ নিজ কামত কৃতকাৰ্যতাৰ কাৰক । নিজৰ প্ৰতি নিষ্ঠা বাঢ়িব । দাম্পত্যত নিৰাশ হোৱাৰ যোগ । বিদ্যাত মনোযোগ । ব্যৱসায়ত অৰ্থ বিনিয়োগ কৰোতে সাৱধান । শুভ ৰং গেৰুৱা ।

বৃষঃ আৰ্থিকত অনুকূল নহয় যদিও ভয়ৰো কাৰণ নাই । নতুন দ্ৰৱ্য ক্ৰয় কৰিব পাৰে । বিদ্যাত একো বাধা নাই । নতুন নিযুক্তিৰ বাবে শুভ ফল পাব । শুভ ৰং কমলা ।

মিথুনঃ আজিৰ দিনটো খুব আশাপ্ৰদ দেখা নাযায় । কৰ্মক্ষেত্ৰত আশা কৰা মতে ফল পাব । প্ৰাপ্যাদি থাকিলে চেষ্টা কৰাটো উচিত হ’ব । নতুন কামৰ চেষ্টাত দূৰ যাত্ৰা । শুভ ৰং মটিয়া ।

কৰ্কটঃ ৰাজনীতিত থকা বোৰৰ উদ্বেগ বৃদ্ধি । আৰ্থিকত আয়তকৈ ব্যয় বেছি হ’ব । আকস্মিকভাৱে ধন প্ৰাপ্তিৰ চেষ্টাত কোনোৱে সফল হ’ব । ব্যৱসায়ীসকলৰ মন অস্থিৰ হ’ব । শুভ ৰং ৰঙা ।

সিংহঃ শৰীৰ খুব ভাল বুলিব নোৱাৰি । তথাপিও মজলীয়াভাৱে দিনটো পাৰ হ’ব । বাহিৰলৈ যোৱাৰ সম্ভাৱনা । সৰু-সুৰা আঘাতৰ বাবে সতৰ্ক হ‌ওক । প্ৰেমত উৎসাহ । শুভ ৰং কমলা ।

কন্যাঃ ঘৰুৱা পৰিৱেশ সিমান প্ৰতিকূল নহ’ব । শাৰীৰিক সামান্য উন্নত । পঢ়া-শুনাত থকা সকলে বিশেষ যত্ন কৰক । ব্যৱসায়ত বাধা নাই । প্ৰেমত বেয়া দেখা নাযায় । শুভ ৰং বগা ।

তুলাঃ আৰ্থিকত কষ্ট দেখা নাযায় । প্ৰাপ্য ধনাদিৰ বাবে চেষ্টা থকাটো উচিত । আজি নহ’লেও দুদিনমানলৈ অপেক্ষা কৰক । শৰীৰ ভালে ৰাখক । ভ্ৰমণত আহুকাল । দাম্পত্যত শুভ । শুভ ৰং ৰঙা ।

বৃশ্চিকঃ সাহসিকতাৰে কৰ্মত আগুৱাৰ চেষ্টা কৰক । কৰ্মক্ষেত্ৰত যোগ্যতা ৰখাৰ চেষ্টা কৰক । বিদ্যাত শুভ । উদ্বেগ আদিৰ কিছু সমাধানৰ আশা । শুভ ৰং ক’লা ।

ধনুঃ আয় বৃদ্ধি আৰু বৈষয়িক উন্নতিৰ শুভ যোগ । কৰ্মজীৱনৰ শুভাৰম্ভ আৰু পাৰিবাৰিক স্বচ্ছলতা সামাজিক খ্যাতি লাভ । শুভ ৰং বগা ।

মকৰঃ বিদ্যাত মধ্যম । দিনটোত আপোনাৰ অৱস্থা ভাল নাথাকিব‌ও পাৰে । পত্নীৰ মতামতক প্ৰাধান্য দিলে লাভৱান হ’ব । শুভ ৰং হালধীয়া ।

কুম্ভঃ ব্যৱসায়ীসকল সতৰ্ক থাকক । কৰ্মক্ষেত্ৰত বাধাৰ মাজেদি সফলতা পাব শৰীৰ প্ৰতি চেষ্টা কৰাটো দৰকাৰ । যোগ্যজন পুৰস্কৃত হোৱাৰ যোগ । শুভ ৰং বগা ।

মীনঃ কৰ্মক্ষেত্ৰত যোগ্যতা ব্যস্ততা বজায় ৰখাৰ চেষ্টা কৰক । কাৰোবাৰ বাবে মনত দুখ পাব পাৰে । ভাই-ভনীৰ বিয়াৰ কথাত সুখী হ’ব । আৰ্থিক দিশত সতৰ্ক হ’ব । ভ্ৰমণ পাৰিলে স্থগিত ৰাখক । শুভ ৰং গেৰুৱা ।

Exit mobile version