ভয়ানক বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল চিৰাং জিলা

চিৰাঙৰ ৰুনিখাতা থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰৰ উত্তৰে সুলেখাগুৰিত চিৰাং আৰক্ষীৰ অভিযান । আৰক্ষীৰ অভিযানত থ্ৰী নট থ্ৰী হস্তনিৰ্মিত ৰাইফল দুটা আৰু সাত কেজি পাঁচশ গ্ৰাম বিষ্ফোৰক টিএনটি, বোমা নিৰ্মাণৰ বাবে ব্যৱহাৰ হ’ব পৰা দুটা নতুন প্ৰেচাৰ কুকাৰ, বেটাৰী দুটা, তাৰ তিনি বাণ্ডলৰ লগতে অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে ।

চিৰাং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত এই তথ্য প্ৰকাশ কৰে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণৈয়ে । নতুনকৈ গঠিত উগ্ৰপন্থি সংগঠন এনএলএফবিৰ নেতা বাথাৰ নেতৃত্বত এই বিস্ফোৰক সামগ্ৰীখিনি লাল সিং নামৰ এজন লিংকমেনৰ জড়িয়তে লৈছিল।

চিৰাং আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত লাল সিঙক গ্ৰেপ্তাৰ কৰি এইসমূহ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। এনএলএফবিৰ নেতা এম বাথাই নিৰাপত্তা বাহিনী তথা কোনো লোকক টাৰ্গেট কৰি বোমা স্থাপনৰ যো-জা চলাইছিল বুলিও দাবী কৰে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানজনে।

সংবাদমেলত চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) প্ৰকাশ মেধি, উপ আৰক্ষী অধীক্ষক(সদৰ) প্ৰতাপ দাসো উপস্থিত থাকে ।

Exit mobile version