হিংসা সৃষ্টিত উচটনি, সকলাে ছ’চিয়েল মিডিয়া নিষিদ্ধ পাকিস্তানত

607933ffeb71a

পয়গম্বৰ মহম্মদৰ ব্যংগচিত্র বিতৰ্কৰ বিক্ষোভত উত্তাল হ’ল পাকিস্তান। তেওঁৰ পৰিণতিতে সাময়িকভাৱে দেশখনত নিষিদ্ধ হ’ল সকলােবােৰ ছ’চিয়েল মিডিয়াৰ মঞ্চ।

ADVERTISEMENT

সম্প্রতি পাকিস্তানত হােৱাটছএপ, ফেচবুক, টুইটাৰ, টিকটক, ইনস্টাগ্রাম, ইউটিউবসহ সকলােবােৰ সামাজিক মাধ্যম সাময়িকভাৱে বন্ধ আছে।

মহম্মদৰ ব্যংগচিত্ৰৰ বিতৰ্কৰ ঘটনাত এতিয়ালৈকে সাতজন লােকৰ দেশখনত মৃত্যু হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টিত উচটনি যােগােৱাৰ অভিযােগ উত্থাপিত হােৱাৰ পাছতে উন্নয়ন খণ্ডৰ চৰকাৰে শুকুৰবাৰে সাময়িকভাৱে দেশখনত সামাজিক মাধ্যমৰ মঞ্চসমূহ নিষ্ক্রিয় কৰাৰ সিদ্ধান্ত লয়।

শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা বিয়লি তিনি বজালৈকে দেশখনত সকলাে সামাজিক মাধ্যম বন্ধ থাকে। উল্লেখ্য যে ফ্ৰান্সৰ চার্লি এবড়াে’ পত্রিকাত মহম্মদ ব্যংগচিত্র প্রকাশৰ ঘটনাক লৈ পাকিস্তানক একাংশ ধর্মীয় নেতাই সমর্থকৰ স’তে ব্যাপক প্রতিবাদ অব্যাহত ৰাখিছে।

Exit mobile version