কিয় খাব লাগে পচতীয়া

WhatsApp Image 2021 04 18 at 1.26.11 PM

পচতীয়া গছবিধ গ্রামাঞ্চলৰ প্ৰায়ভাগ ঠাইত আগতে পােৱা গৈছিল যদিও এতিয়া কিছু কিছু বিশেষ অঞ্চলতহে পােৱা যায় ।পচতীয়া পাতৰাে আছে বহুতাে ঔষধি গুণ । বিভিন্ন ৰােগ প্ৰতিৰােধৰ পৰা আৰম্ভ কৰি ৰােগৰ পৰা উপশম লাভ । কৰালৈকে পচতীয়া পাতৰ বিশেষ ভূমিকা থাকে ।

★স্মৃতিশক্তি স্বাভাৱিক কৰি ৰখাত পচতীয়াৰ ভূমিকা আছে। সেইবাবে ইয়াক স্মৃতিশক্তি বর্ধক বুলি কোৱা হয়।

★চুলি আৰু চকুৰ বাবেও উপকাৰী।

★গেছষ্ট্ৰিকৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে পচতীয়াৰ পাত ব্যৱহাৰ কৰিব পাৰে।

★কেতিয়াবা কেতিয়াবা জ্বৰ উঠিলে ইয়াক ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়।

★আজিকালি মেদবহুল লােকৰ সংখ্যা অধিক। পিছে বহুতাে লােকেই জ্ঞাত নহয় যে এইবিধ পাত ব্যৱহাৰ কৰিলে এনে ধৰণৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি।

★সৰু ল’ৰা-ছােৱালীৰ কফৰ সমস্যা থাকিলে যদিহে ইয়াৰ ৰসৰ স’তে মিহলাই খােৱা হয় তেতিয়া হ’লে উপশম লাভ কৰিব পাৰি।

★কিছুমানৰ কাণত পুঁজ জমা হয়। যদি পচতীয়াৰ পাতৰ ৰস ব্যৱহাৰ কৰা হয় তেতিয়া হ’লে এনে সমস্যা সমাধান হােৱাৰ সম্ভাৱনা থাকে।

★বিভিন্ন ধৰণৰ বিষৰ পৰা বিশেষকৈ গাৰ বিষ, কঁকালৰ বিষ আদিৰ পৰা উপশম লাভ কৰিবলৈ পচতীয়াৰ পাতৰ সেক দিব লাগে। এখন কাপােৰত পচতীয়াৰ পাত বান্ধি কেটলি আদিৰ মুখত কিছুসময় ধৰি থাকি সেক দিলে বিষৰ পৰা কিছু পৰিমাণে হলেও উপশম লাভ কৰিব।

Exit mobile version