দিনটোৰ ৰাশিফল

may 24 to may 31 horoscope

মেষ : যুক্তিসংগত কথাৰ বাবে আপুনি কিছু কষ্ট অনুভৱ কৰিব। কোন কথাৰ পৰিৱেশত অনাহক চিন্তিত হ’ব পাৰে। ঘৰুৱাত বাধা কম। হঠাৎ ব্যস্ততা বৃদ্ধি।

বৃষ : কর্মস্থানত নিজৰ দায়িত্ব পালন কৰক। দার্শনিক চিন্তাই কিছু উদ্বুদ্ধ কৰিব। দাম্পত্যত শুভ ফল ব্যৱসায়ত টকা খটুৱালে লাভৰ কাৰকতা। প্রেমত বাধা আঁতৰিব।

মিথুন : কর্মক্ষেত্ৰত সহকর্মৰি মতামতক প্রাধান্য নিদিব। লেন-দেনত গুৰুজনাৰ পৰামর্শ লােৱা বাঞ্ছনীয় ।অভিনেতা-অভিনেত্রীসকলৰ কার্যদক্ষতা হ্রাস পাব।

কর্কট : নিবনুৱা ব্যক্তিসকলৰ কৰ্মপ্রাপ্তি যােগ। ভাবি থকা কামত বাধাৰ কাৰকতা। পতি-পত্নীৰ যৌথ প্রচেষ্টা সকল হােৱাৰ কাৰকতা। দেহভাৱ স্বাভাৱিক।

সিংহ : অভিনৱ পৰিকল্পনাৰ সুদক্ষ ৰূপায়ণ আৰু মান-সম্মান বৃদ্ধি। কর্ম আৰু ধৰ্মত সমভাৱে আসক্ত হ’ব পাৰে। দাম্পত্য সম্পর্ক শুভ। ধনাভাৱ যথাযথ।

কন্যা : কর্মত অগ্রিম পদোন্নতি। মনােবল বৃদ্ধি আৰু উদ্যোগ প্রতিষ্ঠাৰ চেষ্টা । পুত্র বা কন্যাৰ পৰা ক্ষয়-ক্ষতিৰ আশংকা। সম্ভাব্য স্থলত অপত্য লাভ।

তুলা : প্রয়ােজনীয় আৰু অপ্রয়ােজনীয় কথাত মন গধুৰ হৈ থাকিব। কিন্তু সামগ্রিক ভাৱে সমগ্ৰ দিনটো অনুকূল প্ৰভাৱ থাকিব। বৃদ্ধিৰাে উন্নত ফল।

বৃশ্চিক : শৰীৰ ভালেই যাব। পাৰিবাৰিক ক্ষেত্ৰত সু-সংবাদ লাভৰ কাৰক। কোন বিষয়তে ভাৱপ্ৰৱণতা বা ৰক্ষতা বর্জন কৰাই উচিত ভ্ৰমণত মধ্যম।

ধনু : উন্নত সংযােগ। ভ্ৰমণত সাধাৰণ ব্যাঘাত। আর্থিত যিমান আশা কৰিব তাৰ কিয়দংশ হে মৃদু পূৰণৰ আশা। দিনৰ ১০ বজাৰ পৰা এঘন্টা সময় কার্যকৰী।

মকৰ : পাৰিপাৰ্শিকৰ পৰা কিছু অশান্তি বা কর্মক্ষতি আদিৰ সম্ভাৱনা আছে। নিজৰ অজান্তে কোন প্রগতিশীল কর্মত ক্ষতিগ্রস্ত হ’ব পাৰে। বিদ্যাত বেয়া নহ’ব।

কুম্ভ : মনটো ধীৰে ধীৰে ভালৰ পিনে আহিব। ব্যৱসায়ত চিন্তাৰ কাৰণ নাই। কর্মস্থান শুভ বুলি ক’ব পাৰি। অর্থভাগ্যৰ সুযােগ। দাম্পত্য জীৱন মধুৰ হ’ব।

মীন : অবাস্তৱ কথাৰ মাজত কষ্ট পাব। যােগাযােগত সুফল কম পাব। শৰীৰ সম্পর্কে উদাসতা। খৰচ পাতি বৰ্জন কৰক। উপযুপৰি দায়িত্বৰ কাৰক। প্ৰেমত শুভ সংযােগ।

Exit mobile version