ৰাজকুমাৰ ফিলিপৰ অন্ত্যেষ্টিক্ৰিয়াত অকলশৰে দেখা গ’ল ৰাণী এলিজাবেথক

gpjm6rf queen

ৰাণী এলিজাবেথে শনিবাৰে ৰাজকুমাৰ ফিলিপৰ শেষকৃত্য সম্পন্ন কৰে আৰু তেওঁৰ সাত দশকৰ সেৱাৰ উদ্‌যাপন কৰে । বৰ্ণ বৈষম্য‌ই পৰিয়ালটোক সংকটত পেলাইছে বুলি দাবী উত্থাপন হোৱাৰ বাবে ৰাণীয়ে তেওঁৰ দুটি নাতি উইলিয়াম আৰু হেৰীক পোনপ্ৰথমবাৰৰ বাবে জনসমাগমত কথা কোৱাৰ সুযোগ প্ৰদান কৰে ।

শেষকৃত্যৰ সময়ত ৰাণী এলিজাবেথক ক’লা পোছাক পৰিধান কৰি মুখত ক’লা মাস্ক লগাই অকলে থিয় হৈ থকা পৰিলক্ষিত হয় । শেষকৃত্য সম্পন্ন হোৱাৰ পাছত আমেৰিকাৰ পৰা অন্ত্যেষ্টিক্ৰিয়াত ভাগ ল’বলৈ অহা ৰাজকুমাৰ হেৰীয়ে তেওঁৰ ভাতৃ উইলিয়াম আৰু পত্নী কেটৰ স’তে কথা পাতে । যোৱা মাহত হেৰী আৰু তেওঁৰ পত্নী মেগানে অৰফেন উইনফ্ৰেত সাক্ষাৎকাৰ দিয়াৰ পাছত এয়ে প্ৰথম জনসমাৱেশত মুখ খোলে ।

ফিলিপে চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ সময়তে বৰ্ণ বৈষম্য‌ৰ সমস্যাই দেখা দিয়ে । ডিউক অৱ এডিনবাৰ্গ নামে পৰিচিত ফিলিপৰ ৯৯ বছৰ বয়সত চলিত বৰ্ষৰ ন এপ্ৰিলত দেহাৱসান ঘটে ।

উইণ্ডছ’ৰৰ ডিন ডেভিদ কৰ্ণাৰে কয়, ‘আমাৰ ৰাণীৰ বাবে থকা তেওঁৰ অটল প্ৰভুভক্তি, সাহসেৰে ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰমণ্ডলীৰ বাবে কৰা সেৱা, তেওঁৰ দৃঢ়তা আৰু বিশ্বাসৰ দ্বাৰা আমি অনুপ্ৰাণিত হৈছো ।’

১৯৪৭ত ফিলিপে এলিজাবেথক বিয়া কৰাই দ্বিতীয় বিশ্ব যুদ্ধৰ পাছৰ পৰিৱৰ্তিত ৰাজতন্ত্ৰ পৰিচালনা কৰাত সহায় কৰে । বিবাহৰ বহু দশক পাছত ১৯৯৭ত ৰাণীয়ে ফিলিপক ‘ষ্ট্ৰেংথ এণ্ড ষ্টে’ বুলি বৰ্ণনা কৰে ।

Exit mobile version