অবৈধভাৱে ৰেমডেছিবিৰ ক্ৰয়ত অভিযুক্ত দেবেন্দ্ৰ ফাডনাবিছ

Maharashtra BJP leader Devendra Fadnavis 770x433 1

মহাৰাষ্ট্ৰৰ বিৰোধী দলৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনাবিছক কেৱল চৰকাৰৰ বিক্ৰীৰ বাবে অনুমোদিত ৰেমডেছিভিৰ প্ৰতিষেধক বিক্ৰী কৰাৰ গোচৰত অভিযুক্ত কৰা হৈছে ।

১৮ এপ্ৰিলত আৰক্ষীয়ে ৰেমডেছিভিৰ ভাইলছ বিতৰণ আৰু বিক্ৰীৰ বিষয়ত শোধ পোছ কৰিবলৈ আটক কৰা ব্ৰাক ফাৰ্মাৰ কৰ্মচাৰীসকলক উদ্ধাৰ কৰিবৰ বাবে ফডনাবিছ বাণ্ড্ৰা-কুৰ্লা কম্প্লেক্সত উপস্থিত হয় ।

মহাৰাষ্ট্ৰৰ বিজেপি এম‌এলচি প্ৰসাদ লাদে ৰাজ্যৰ বাবে তেওঁলোকৰ পৰা ৰেমডেছিবিৰ প্ৰতিষেধক ক্ৰয় কৰোতে ডমন আৰু ডিউৰ ব্ৰাক ফাৰ্মাৰ নিৰ্মাতাসকল আৰক্ষীৰ হাতত ধৰা পৰে । ফাডনাবিছে আৰক্ষীক কয় যে, প্ৰতিষেধক সৰবৰাহ কৰিবৰ বাবে ‘সকলো অনুমতি’ আছে আৰু বিষয়াজনক ‘হঠাৎ’ আটক কৰা হৈছে ।

তেওঁ লগতে কয়, ‘আমি আৰক্ষী চকীত গৈ জ’নাল ডিচিপিক সুধিছো তেওঁলোকৰ অপৰাধ কি ?’

শিৱসেনাৰ মুখপাত্ৰ হৰ্ষল প্ৰসাদে অভিযোগ উত্থাপন কৰে যে, ফাডনাবিছে থানাত কয় যে, বিজেপিয়ে ডমন আৰু গুজৰাটৰ পৰা প্ৰতিষেধকসমূহ বিচাৰিছিল আৰু গুজৰাটৰ বিজেপি মুখ্য‌ই বিতৰণ কৰাৰ দৰে প্ৰতিষেধকটো বিতৰণ কৰিব বিচাৰিছিল ।

প্ৰসাদে প্ৰশ্ন উত্থাপন কৰে যে, ‘সাধাৰণ নাগৰিক’ হিচাপে ফাডনাবিছে কেৱল চৰকাৰৰ বিক্ৰীৰ বাবে অনুমোদন থকা ৰেমডেছিবিৰৰ ষ্টক কেনেকৈ লাভ কৰিলে ।

আম আদমি পাৰ্টীৰ প্ৰীতি শৰ্মা মেননে ফাডনাবিছৰ পদক্ষেপক ‘নিখুঁত অবৈধ’ বুলি অভিহিত কৰি কয় যে, ৰাজনৈতিক দলে প্ৰতিষেধক বিধ দান কৰিব নোৱাৰে কাৰণ ইয়াৰ বৰঙণি আয়োগত পঞ্জীয়ন নাই নিৰ্বাচন আয়োগতহে পঞ্জীয়ন আছে ।

নিজৰ অৱস্থিতি স্পষ্ট কৰিবলৈ ফাডনাবিছে কয়, ‘বিজেপিয়ে ক্ৰয় কৰা নাছিল কিন্তু কেৱল মহাৰাষ্ট্ৰৰ বাবে অধিক্ৰয় কৰিছিল ।’ তেওঁ লগতে কয় যে, ইয়াৰ বাবে খাদ্য আৰু ঔষধ নিয়ন্ত্ৰক (এফডিএ)ই অনুমোদন প্ৰদান কৰিছিল, অবৈধ হোৱা হ’লে অনুমোদন কিয় প্ৰদান কৰিলে হয় ।

মুম্বাই আৰক্ষীয়ে জনায় যে, ব্ৰাক ফাৰ্মাই দক্ষিণ মুম্বাই, মালাড, কাণ্ডিৱালি আৰু ভিলে পাৰ্লেসহ চহৰৰ বিভিন্ন স্থানত ৰেমডেছিবিৰৰ প্ৰায় ৬০ হেজাৰ ভাইলছ জমা কৰি থৈছে ।

আৰক্ষী সূত্ৰে খবৰ যে, আৰক্ষীয়ে তদন্ত কৰি আছে কিয় এই ৬০ হেজাৰ ভাইলছ বজাৰত বিতৰণ নকৰি জমা কৰি থোৱা হৈছে, বিশেষকৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই বাৰে বাৰে ভাইলছৰ নাটনি হোৱা বুলি উল্লেখ কৰাৰ পাছতো । এই পৰ্যন্ত কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই বা জব্দ কৰা হোৱা নাই ।

Exit mobile version