কৰ’নাত মানুহ মৰিলেও বহুত কিছু ভাল হৈছেঃ কংগণা

233603c0251f07a6144755361fab55a7 original

বিগত ২৪ ঘণ্টাত ভাৰতত দুই লাখ ৭৩ হেজাৰ ৮১০ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে । প্ৰায় ১৭ শ লোকে ক’ভিড আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে । এনে পৰিস্থিতিত কৰ’না ভাইৰাছৰ প্ৰশংসা কৰিলে জনপ্ৰিয় অভিনেত্ৰী কংগণা ৰণৌতে ।‌ টুইটাৰত এটা প’ষ্টত কংগণাই কয়, এই ভাইৰাছৰ ফলত মানুহৰ মৃত্যু হ’লেও বহু কিছু ভাল হৈছে ।

কৰ’নাক ‘প্ৰস্তুত কৰা ভাইৰাছ’ বুলি দাবী জনাইছে কংগণাই । টুইটত লিখে, ‘প্ৰস্তুত কৰা এই ভাইৰাছক মানুহে ইজনে-সিজনৰ অৰ্থনীতি ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰিছিল । আজি হয়তো তেওঁলোকে ইয়াক লৈ সন্ত্ৰস্ত । মোৰ এই ধাৰণাৰ হয়তো বহুতে সমৰ্থন কৰিব, বহুতেই নকৰে । কিন্তু এটা কথা মানিব‌ই লাগিব যে, এই ভাইৰাছ সমগ্ৰ বিশ্বতে ব্যাপি পৰিছে । মানুহ মৰিছে হয়, কিন্তু বাকী সকলোবোৰ ভাল হৈছে ।’

ইয়াতে স্তব্ধ নহৈ পৃথিৱীৰ ভালৰ বাবে কি কি কৰিব লাগিব তাৰো উপদেশ দিয়ে কংগণাই । লিখে, ‘১) আমি বছৰি আঠজোপা গছ ৰুব লাগিব, ২) শহাপহুৰ দৰে সন্তান জন্ম দিয়া বন্ধ কৰিব লাগিব, ৩) এবাৰতকৈ বেছি অব্যৱহৃত প্লাষ্টিকৰ পণ্য ব্যৱহাৰ কৰিব নালাগে, ৪) খাদ্য অপব্যয় নকৰিব, ৫) আপোনাৰ চৌদিশে থকা দায়িত্বহীন লোকৰ পৰা সতৰ্ক থাকি তেওঁলোকৰ দায়িত্ব বহন কৰক । কাৰণ আপুনি সাৱধান হ’লেও তেওঁলোকে বিপদ মাতি আনিব পাৰে ।’

কংগণাৰ এই টুইটে ব্যাপক লাইক পাবলৈ সক্ষম হয় । বহুতেই বলীউডৰ কুইনৰ স’তে একমত । সাম্প্ৰতিক পৰিস্থিতিত কংগণাৰ এই মন্তব্যত একাংশই আপত্তি প্ৰকাশ কৰিছে । তেওঁলোকৰ দাবী, অভিনেত্ৰীৰ সকলো ধৰণৰ সুযোগ সুবিধা থকাৰ বাবে ‘পৃথিৱী সুস্থ হৈ উঠিছে’ বুলি ক’ব পাৰিছে ।

Exit mobile version